35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমকমলপুৰৰ বিজেপিৰ টিকট প্ৰত্যাশী অংকুৰ দাসৰ কমলপুৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মহাবিষ্ফোৰণ , বিজেপিয়ে...

কমলপুৰৰ বিজেপিৰ টিকট প্ৰত্যাশী অংকুৰ দাসৰ কমলপুৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মহাবিষ্ফোৰণ , বিজেপিয়ে টিকট নিদিলেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অংগীকাৰ

কমলপুৰৰ বিজেপিৰ টিকট প্ৰত্যাশী অংকুৰ দাসৰ কমলপুৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মহাবিষ্ফোৰণ , বিজেপিয়ে টিকট নিদিলেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অংগীকাৰ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৪ মাৰ্চ :

কমলপুৰ সমষ্টিত ২০২৬ বিধানসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। কমলপুৰ সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী যুৱ সমাজকৰ্মী তথা কমলপুৰ বিজেপিৰ জেষ্ঠ নেতা অংকুৰ দাসে কমলপুৰ সমষ্টিত সংঘটিত হৈ থকা বিভিন্ন দুৰ্নীতিক লৈ সংবাদ মাধ্যমৰ সন্মূখত মহা বিষ্ফোৰণ ঘটাইছে। বৰ্তমান বিধায়ক দিগন্ত কলিতাৰ কাৰ্যকালত কমলপুৰত চলি থকা বিভিন্ন দুৰ্নীতিৰ খেদ প্ৰকাশ কৰিছে অংকুৰ দাসে। CMAAA, অৰুণোদয় আচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন চৰকাৰী আঁচনিত সংঘটিত হোৱা ভীষণ দুৰ্নীতি আৰু অনিয়মত অসন্তোষ প্ৰকাশ কৰিছে অংকুৰ দাসে। বিজেপিয়ে তেওঁক এইবাৰ কমলপুৰৰ পৰা দলীয় টিকট প্ৰদান কৰিলে কমলপুৰত চলি থকা দুৰ্নীতি সমূলঞ্চে শেষ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰিছে অংকুৰ দাসে। ইয়াৰ লগতে তেওঁ কয় যে আজি-কালি বিজেপিত যোগদান কৰা কিছুমান লোকে এতিয়া নিজকে বিজেপিৰ ডাঙৰ নেতা বুলি পৰিচয় দিবলৈ ধৰিছে। কিন্তু তেওঁ বহুদিন ধৰি বিজেপিৰ আদৰ্শৰে জড়িত হৈ আছে বুলি উল্লেখ কৰে। অংকুৰ দাসে লগতে কয় যে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰতো বহু গুৰুত্বপূৰ্ণ কাম কৰাৰ পৰিকল্পনা তেওঁৰ আছে আৰু এই পৰিকল্পনা সফল কৰাত সমষ্টিৰ ৰাইজে তেওঁক সহযোগ আগবঢ়াব বুলি আশা প্ৰকাশ কৰে । অংকুৰ দাসে বিজেপিয়ে কোনো কাৰণত তেওঁক টিকট প্ৰদান নকৰিলেও এইবাৰ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু ইভিএমত তেওঁৰ নাম থাকিব বুলি অংগীকাৰ কৰে। ইয়াৰ লগতে তেওঁৰ নামত আগত কি চিন থাকিব সেয়া বিজেপি দলে ঠিক কৰিব বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁ স্পষ্টকৈ কয় যে তেওঁ আগতেও বিজেপিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল, এতিয়াও বিজেপিৰেই হৈ আছে আৰু ভৱিষ্যতেও বিজেপিৰ আদৰ্শক শিৰত লৈ সমাজৰ কল্যাণৰ বাবে কাম কৰি যাব। বিজেপিৰ টিকট প্ৰত্যাশী অংকুৰ দাসৰ এই বক্তব্যক লৈ কমলপুৰ সমষ্টিৰ ৰাজনীতিত এতিয়া তীব্ৰ চৰ্চা আৰম্ভ হৈছে।

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular