35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমমৰিগাঁও জিলাৰ ভেলৌগুৰিত ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ ভেলৌগুৰিত ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ ভেলৌগুৰিত ড্ৰাগছসহ এজন গ্ৰেপ্তাৰ।

ইছফাকুৰ ৰহমান,দুৰ্নীতিৰ দৰ্পণ,মৈৰাবাৰী,১৪ মাৰ্চ: মৰিগাঁও জিলাৰ লাহৰিঘাটৰ সমীপৰ ভেলৌগুৰি অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকজন ভেলৌগুৰিৰ বাসিন্দা হাতেম আলি বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লোকজনৰ বাসগৃহত তালাচী অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা মুঠ ৩৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ পিছতে আৰক্ষীয়ে হাতেম আলিক নিজৰ জিম্মালৈ লৈ অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

RELATED ARTICLES
Lucknow
light rain
33.5 ° C
33.5 °
33.5 °
56 %
8.1kmh
98 %
Fri
34 °
Sat
36 °
Sun
36 °
Mon
30 °
Tue
32 °

Most Popular