কলগাছিয়াৰ খৰিচালাত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰাৰ দাবীত চি পি আই(এম)ৰ প্ৰতিবাদী বিক্ষোভ , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, বৰপেটা, ২২ মে: ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চমুকৈ ৰূপসী লোকেল কমিটিয়ে পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰা আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনি আঁতৰ কৰাৰ দাবীত আজি খৰিচালাত প্ৰতিবাদী বিক্ষোভ সংঘটিত কৰে। দিনৰ ১-৩০ বজাত পাৰ্টিৰ ৰূপসী লোকেল কমিটিৰ কাৰ্যালয়ৰ পৰা পাৰ্টিৰ সভ্য-সমৰ্থক সকলে হাতে হাতে বেনাৰ আৰু পতাকালৈ পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰক, পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা নৰেন্দ্ৰ মোদী হায় হায়, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি ক’লৈ গ’ল জবাব লাগে জবাব দিয়ক, সাম্ৰাজ্যবাদী আমেৰিকাৰ লগত বিদেশ আৰু কৰ্প’ৰেট স্বাৰ্থবাহী আৰ্থিক নীতি বাতিল কৰক, কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সৰ্বসাধাৰণ লোকৰ ওপৰত কৰ আৰোপ কৰা বন্ধ কৰক আদি শ্লোগানেৰে সমদল কৰি হালধীয়া-টেঙাগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হয়।
পঞ্চায়ত কাৰ্যালয়ত পাৰ্টিৰ সভ্য-সমৰ্থক আৰু উপস্থিত ৰাইজৰ উদ্দেশ্যি ভাষণ প্ৰসঙ্গত চি পি আই(এম)ৰ বৰপেটা জিলা সম্পাদকমণ্ডলীৰ সদস্য ৰুস্তম আলীয়ে কয়- অসমকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগেই সকলো ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম দোপদ-দপে বাঢ়িবলৈ ধৰিছে। পে'ট্ৰল, ডিজেলৰ চৰকাৰে যোৱা ১৫ মে'ত প্ৰতিলিটাৰত যথাক্ৰমে ৩.১৪ টকা আৰু ৩.১৯ টকা বৃদ্ধি কৰিছে। ১৮ মে'ত পুনৰ পে'ট্ৰল, ডিজেলত প্ৰায় ৯০ পইচাকৈ বৃদ্ধি কৰিলে। সৌ সিদিনা ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৯৯৩ টকাকৈ বৃদ্ধি কৰিছে। ইয়াৰ আগতে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰিছে। অসমত বৰ্তমান প্ৰতি লিটাৰ পে'ট্ৰলৰ দাম হৈছেগৈ ১০২.১০ টকা আৰু ডিজেলৰ দাম ৯৩.৩০ টকা। ঘৰুৱা এল পি জি চিলিণ্ডাৰ এটাৰ দাম হৈছেগৈ ৯৬২ টকা। অথচ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ আগতে অৰ্থাৎ ২০১৪ চনত এক লিটাৰ পে'ট্ৰল আৰু ডিজেলৰ দাম আছিল যথাক্ৰমে ৭১-৭৩ টকা আৰু ৫৪-৫৯ টকা। সাধাৰণ মানুহৰ ব্যৱহাৰ্য এল পি জি চিলিণ্ডাৰৰ দাম আছিল ৪১০ টকাৰ পৰা ৪১৪ টকা। এনে দাম বৃদ্ধিৰ মূখ্য কাৰণ হৈছে- পে'ট্ৰলজাত সামগ্ৰীৰ ওপৰত চৰকাৰে ব্যাপক হাৰত আৱকাৰী শুল্ক, চেচ ইত্যাদি বৃদ্ধি কৰিছে। লগতে তেওঁ কয়- পে'ট্ৰল, ডিজেলৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধিয়ে এক ব্যাপক সংখ্যক অত্যাৱশ্যকীয় বয়-বস্তুৰ মূল্যবৃদ্ধিক উদগনি দিয়ে। ৰাজহুৱা পৰিবহন ব্যয় বৃদ্ধি হয়। মাছুল বাঢ়ে। কৃষি উৎপাদনৰ ব্যয় বাঢ়ে। খেতিয়ক ৰাইজৰ ওপৰত মাধমাৰ পৰে।
তেওঁ লগতে কয়- এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ লগতে ইয়াৰ কৃত্ৰিম নাটনিয়ে ৰাইজক জ্বলা কলা খুৱাইছে। চৰকাৰী মুখপাত্ৰসকলে বাৰেপতি কৈ আছে যে চিলিণ্ডাৰ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি যথেষ্ট পৰিমাণে মজুত আছে। অথচ বাস্তৱত চিলিণ্ডাৰ বিচাৰি ৰাইজে দীঘলীয়া শাৰীত ঘণ্টাৰ পিছত ঘণ্টা ধৰি থিয় দি বোন্দা পৰ দিবলগীয়া হৈছে। সেয়াও পোৱা নাযায়। চিলিণ্ডাৰ ক'লা বজাৰত চৰা দামত বিক্ৰী হৈ আছে। চৰকাৰ নীৰৱ দৰ্শক হৈ আছে। তদুপৰি নৰেন্দ্ৰ মোদী চৰকাৰখন ট্ৰাম্প তথা মাৰ্কিন সাম্ৰাজ্যবাদৰ ওচৰত আত্মসমৰ্পন কৰাৰ বিদেশ নীতি আৰু আম্বানী, আদানীৰ দৰে বৃহৎ পুঁজিপতি শ্ৰেনী বা কৰ্প'ৰেট গোষ্ঠীবিলাকৰ স্বাৰ্থবাহী আৰ্থিক নীতি গ্ৰহণৰ ফলতেই আজিৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে। যি চৰকাৰে আজি সাধাৰণ ৰাইজক কৃচ্ছ্ৰসাধন কৰিবলৈ কৈছে সেই একেখন চৰকাৰে যোৱা আঠ বছৰত বৃহৎ পুঁজিপতি গোষ্ঠীবোৰক প্ৰায় আঠ লাখ কৌটি টকাৰ কৰ ৰেহাই দিছে। সিহঁতৰ ১০ লাখ কৌটি টকাৰো বেছি অনাদায়ী বেংক ঋণ মকুব কৰিছে। বৃহৎ কৰ্প'ৰেটবিলাকৰ মুনাফা এতিয়া বিগত ১৭ বছৰৰ ভিতৰত সৰ্বাধিক হৈছে। এয়া চৰকাৰী ভাষ্য। আনহাতে সাধাৰণ ৰাইজে ত্ৰাহি ত্ৰাহি অৱস্থা হৈছে বুলি আলীয়ে উল্লেখ কৰে। শেষত ৩৪ নং হালধীয়া-টেঙাগাঁও গাঁও পঞ্চায়তৰ সচিব মহৰ আলী আহমেদৰ জড়িয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। আজিৰ এই প্ৰতিবাদী বিক্ষোভত প্ৰবীণ কমিউনিষ্ট নেতা কমৰেড আব্দুল আজিজ, লোকেল কমিটিৰ সদস্য শাহ আলম, মধু আলী, সুৰুজ্জামাল আলী, ছালেহা খাতুন, আঞ্জুৱাৰা খাতুনসহ অন্যান্য সভ্য-সমৰ্থকে যোগদান কৰে।

