39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমহাতিখালী কালাজাৰত ভয়ংকৰ ডেলিভাৰী গাড়ী দূৰ্ঘটনাগ্ৰস্ত

হাতিখালী কালাজাৰত ভয়ংকৰ ডেলিভাৰী গাড়ী দূৰ্ঘটনাগ্ৰস্ত


হাতিখালী কালাজাৰত ভয়ংকৰ ডেলিভাৰী গাড়ী দূৰ্ঘটনাগ্ৰস্ত

দেৱস্থানৰ পৰা মুক্তাদিৰ আহমেদ : বাইক আৰোহীৰ জীৱন ৰক্ষাৰ্থে নিজৰ গাড়ী গাঁতত পেলাই দিলে চালকে হোজাই জিলাৰ হাতিখালী কালাজাৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পথ দূৰ্ঘটনা। স্থানীয় সূত্ৰৰ মতে, যোৱা নিশা অঞ্চলটোৰ ব্যস্ত পথত এখন ডেলিভাৰী গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গভীৰ গাঁতত বাগৰি পৰে। দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS01S C1013 বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ সময়ত এখন বাইক হঠাৎ গাড়ীখনৰ সন্মুখত আহি পৰে। মুখামুখি সংঘৰ্ষৰ আশংকা দেখা দিয়াত ডেলিভাৰী গাড়ী চালকে তাৎক্ষণিকভাৱে উপস্থিত বুদ্ধিৰে গাড়ীখন পথৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা কৰে। বাইক আৰোহীৰ জীৱন ৰক্ষাৰ্থে চালকে নিজৰ গাড়ীখন নিয়ন্ত্ৰণ সলাই পথৰ কাষৰ গাঁতত পেলাই দিয়ে। দূৰ্ঘটনাৰ ফলত গাড়ীখনৰ সামুখিক অংশত ব্যাপক ক্ষতি হয়। যদিও ঘটনাটো ভয়ংকৰ আছিল, তথাপিও সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই। চালকজন সামান্য আঘাতপ্ৰাপ্ত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। ঘটনাৰ পিছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। বহু স্থানীয় ৰাইজ ঘটনাস্থলীত ভিৰ কৰে আৰু চালকজনৰ সাহসিকতা আৰু মানৱীয় সিদ্ধান্তৰ প্ৰশংসা কৰে। স্থানীয় একাধিক ব্যক্তিয়ে কয় যে, চালকে যদি শেষ মুহূৰ্তত গাড়ীখন ঘূৰাই নিদিলেহেঁতেন, তেন্তে বাইক আৰোহীজনৰ জীৱন সংকটত পৰিব পাৰিলেহেঁতেন।
আজিৰ এই ঘটনাই পুনৰ এবাৰ দেখুৱাই দিলে যে, এজন সচেতন চালকৰ উপস্থিত বুদ্ধি আৰু ত্যাগমূলক সিদ্ধান্তে বহু সময়ত আনৰ জীৱন ৰক্ষা কৰিব পাৰে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular