32.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমপৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ! ৭ মহীয়া অন্তঃসত্ত্বা পত্নীক হত্যা স্বামীৰ, গ্ৰেপ্তাৰ...

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ! ৭ মহীয়া অন্তঃসত্ত্বা পত্নীক হত্যা স্বামীৰ, গ্ৰেপ্তাৰ অভিযুক্ত স্বামী

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ! ৭ মহীয়া অন্তঃসত্ত্বা পত্নীক হত্যা স্বামীৰ, গ্ৰেপ্তাৰ অভিযুক্ত স্বামী
গুলশন আহমেদ খান, শিলচৰ, ১ মে:- শিলচৰৰ মধুৰবন্ধত সংঘটিত হৈছে এক জঘন্য তথা মানৱতাক লজ্জানত কৰা হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ পৰিণতিত এগৰাকী ৭ মহীয়া অন্তঃসত্ত্বা মহিলাক অতি নিষ্ঠুৰভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে নিজ স্বামীৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কাছাৰ জিলাৰ জিৰিঘাট দিঘলিৰ বাসিন্দা ৰাবিয়া বেগমৰ প্ৰায় ৬ বছৰ পূৰ্বে শিলচৰ মধুৰবন্দৰ বিৰু মিয়াৰ সৈতে বিবাহ সম্পন্ন হৈছিল। বৰ্তমান দুটা সন্তানৰ মাতৃ ৰাবিয়া আছিল ৭ মহীয়া অন্তঃসত্ত্বা। অভিযোগ অনুসৰি, বিবাহৰ কেইবছৰমান পাছৰে পৰা বিৰু মিয়া আন এগৰাকী মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল। আনকি দুই মাহ পূৰ্বে বিৰুৱে সেইগৰাকী মহিলাক বিবাহো কৰাইছিল। এই পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰিয়েই স্বামী-স্ত্ৰীৰ মাজত প্ৰায়ে কাজিয়াৰ সৃষ্টি হৈছিল আৰু স্বামী বিৰু মিয়াই ৰাবিয়াৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন।
যোৱা সোমবাৰে নিশা বিৰু মিয়াই হঠাৎ ৰাবিয়াৰ পিতৃক ফোন কৰি জনায় যে ৰাবিয়াৰ অৱস্থা অতি সংকটজনক আৰু তেওঁক শেষবাৰৰ বাবে চাবলৈ হ’লে অতি সোনকালে আহিব লাগে। খবৰটো পোৱাৰ লগে লগে ৰাবিয়াৰ পৰিয়ালৰ লোক উপস্থিত হয় যদিও ঘৰত কাকো বিচাৰি নাপায়। পিছত শিলচৰ মেডিকেল কলেজত গৈ তেওঁলোকে দেখে যে ৰাবিয়াৰ মৃতদেহ ষ্ট্ৰেচাৰত পৰি আছে ৷ মৃতদেহটোৰ ডিঙিত ৰছীৰ দাগ আৰু পেটত আঘাতৰ চিহ্ন স্পষ্টকৈ দেখা পোৱা গৈছে। ৰাবিয়াৰ পৰিয়ালৰ অভিযোগ যে: স্বামী বিৰু মিয়াই দ্বিতীয় গৰাকী পত্নীৰ সৈতে সংসাৰ কৰাৰ পথ প্ৰশস্ত কৰিবলৈ ৰাবিয়াক পৰিকল্পিতভাৱে হত্যা কৰিছে। অন্তঃসত্ত্বা মহিলাগৰাকীৰ পেটত লাথি মাৰি আৰু ডিঙি ৰেপি হত্যা কৰা হৈছে বুলি বিস্ফোৰক অভিযোগ কৰে মৃত ৰাবিয়াৰ ভাতৃয়ে ।
এই ঘটনাৰ পাছত মৃতকৰ পৰিয়ালে এজাহাৰ দাখিল কৰিলে সোমবাৰে নিশাই শিলচৰ মেডিকেল কলেজৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত হত্যাকাৰী স্বামী বিৰু মিয়াক। বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী স্বামীক জিম্মাত লৈ অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। আনহাতে, অভিযুক্ত হত্যাকাৰী স্বামী বিৰু মিয়াই কেমেৰাৰ সম্মুখত হত্যাৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁৰ পত্নীয়ে আত্মহত্যা কৰিছে, তেওঁ তেওঁৰ পত্নীক হত্যা কৰা নাই ৷ তেওঁৰ এজন মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিলে ঠিকেই কিন্তু তেওঁ পত্নীক হত্যা কৰা নাই বুলি কেমেৰাৰ সম্মুখত কয় অভিযুক্ত স্বামী বিৰু মিয়াই। ইপিনে, এগৰাকী হবলগীয়া সন্তানৰ মাতৃক এনেদৰে নিজ স্বামীয়ে হত্যা কৰা ঘটনাই সমগ্ৰ শিলচৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকে হত্যাকাৰী স্বামীৰ ফাঁচীৰ দাবী জনাইছে।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular