39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমজনতা ভৱনৰ নতুন ব্লক- ’বি’ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

জনতা ভৱনৰ নতুন ব্লক- ’বি’ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

জনতা ভৱনৰ নতুন ব্লক- ’বি’ৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

দিছপুৰ, পিএন চি, ২৬ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱনৰ নতুন ব্লক- ’বি’ৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে এই ব্লকটো ৫৬, ৯৭৫ বৰ্গফুট এলেকাত ১০১.৪৫ কোটি টকাৰো অধিক প্ৰকল্প ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে৷ এই জি প্লাছ ফাইভ আৰচিচি ভৱনটোৰ প্ৰতিটো মহলাতে দৃশ্য, শ্ৰাব্য সুবিধাসহ সভাকক্ষৰ ব্যৱস্থা ৰখা হৈছে৷ আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ভৱনটোৱে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত এক নতুন মানদণ্ড স্থাপন কৰিব৷ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলৰ বাবে পৃথক কাৰ্যালয় কোঠাৰ ব্যৱস্থা ৰখাৰ লগতে ভৱনটোত কৰ্মচাৰীসকলৰ বাবে কৰ্প’ৰেট আৰ্হিৰে সুসজ্জিত কৰ্মক্ষেত্ৰ গঢ়ি তোলা হৈছে, যাতে কাৰ্য সম্পাদনত দক্ষতা অধিক বৃদ্ধি পায়৷ এই ভৱনটোত মুঠ ৮খন লিফটৰ ব্যৱস্থা ৰখা হৈছে৷ ভৱনটোত লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ, লোকনিৰ্মাণ (পথ) বিভাগ, লোকনিৰ্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, জলসম্পদ বিভাগ আৰু জলসিঞ্চন সঞ্চালকালয় থাকিব৷ ইয়াৰ ফলত আন্তঃবিভাগীয় সমন্বয় অধিক শক্তিশালী হোৱাৰ লগতে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া অধিক দ্ৰুত, স্বচ্ছ আৰু ফলপ্ৰসূ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, শ্ৰমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত-সচিব ৰাজ চক্ৰবৰ্তী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular