30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআঞ্চলিকবালিপৰাৰ নতুন আদাবাৰী চাহ বাগিচাত মাদক দ্ৰব্য নিবাৰণ আৰু জুৱা খেল বন্ধৰ...

বালিপৰাৰ নতুন আদাবাৰী চাহ বাগিচাত মাদক দ্ৰব্য নিবাৰণ আৰু জুৱা খেল বন্ধৰ লক্ষ্যৰে সজাগতা সভা

বালিপৰাৰ নতুন আদাবাৰী চাহ বাগিচাত মাদক দ্ৰব্য নিবাৰণ আৰু জুৱা খেল বন্ধৰ লক্ষ্যৰে সজাগতা সভা

দুৰ্নীতিৰ দৰ্পণ ,বালিপৰা, প্ৰতিবেদকঃ

বালিপৰাৰ নতুন আদাবাৰী চাহ বাগিচাত মাদক দ্ৰব্য আৰু জুৱা খেল বন্ধ কৰাৰ লক্ষ্যৰে এখন বিশেষ সজাগতা সভা আৰু শোভাযাত্ৰা সফলভাৱে অনুষ্ঠিত হয়। আদাবাৰী চাহ বাগিচাৰ উদ্যোগত আৰু নিউ আদাবাৰী শাখাৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে ধঁপাত, গুটখা, মাদক দ্ৰব্য, জুৱা খেল তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সেৱনৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে স্থানীয় ৰাইজ আৰু নিউ আদাবাৰী আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল চাহ বাগিচাৰ কাৰ্যালয়ত সমবেত হয়। তাৰ পিছতে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ বিভিন্ন সচেতনতামূলক শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি এক শোভাযাত্ৰা উলিয়ায়। শোভাযাত্ৰাৰ জৰিয়তে চাহ বাগিচাখনত মদ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান জনোৱা হয়।

পিছত নিউ আদাবাৰী খেলপথাৰত অনুষ্ঠিত সভাত চাহ বাগিচাখনৰ পৰিচালক, অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সম্পাদক আৰু আটছাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বক্তাসকলে নিজৰ ভাষণত নিচাজাতীয় সামগ্ৰীৰ অপকাৰিতা আৰু ইয়াৰ ফলত সমাজত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে। বিশেষকৈ যুৱ সমাজক মাদক দ্ৰব্য সেৱন আৰু জুৱা খেলৰ পৰা আঁতৰি থাকি এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ আহ্বান জনোৱা হয়।

সভাত বক্তাসকলে উল্লেখ কৰে যে ৰঙাপৰাৰ একাংশ চাহ বাগিচাত চুলাই মদ আৰু বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনৰ ফলত বহু পৰিয়াল ধ্বংসৰ মুখলৈ গৈছে। নিচা আৰু জুৱা খেলৰ প্ৰভাৱত সামাজিক আৰু শৈক্ষিক পৰিৱেশ ক্ৰমাৎ বিনষ্ট হৈ অহাৰ কথাও তেখেতসকলে উল্লেখ কৰে।

উক্ত সজাগতা কাৰ্যসূচীয়ে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে বিশেষকৈ যুৱ প্ৰজন্মক নিচাৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰিব বুলি উপস্থিত সকলোৰে আশা প্ৰকাশ কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular