29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমৰামদিয়াত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

ৰামদিয়াত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

ৰামদিয়াত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো,২৭ ফেব্ৰুৱাৰী:সত্ৰ নগৰী ৰামদিয়া মাজৰকুৰিৰ শ্ৰীশ্ৰীবাসুদেৱ সত্ৰ প্ৰাঙ্গণত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৰ লগতে ৰামদিয়া দেৱ দামোদৰ সংঘৰ ৬৪ সংখ্যক বাৰ্ষিক অধিৱেশন ৰ আজি সামৰণি পৰে। আজিৰ অন্তিম দিনাৰ কাৰ্যসূচীত পুৱা ঊষা কীৰ্তন, আই সকলৰ নাম প্ৰসঙ্গৰ পাছত গুৰুচৰিত পাঠ আৰু হোমাদিকৃত্য অনুষ্ঠিত হয়।দিনৰ এঘাৰ বজাত শ্ৰীশ্ৰী ৰাম-লক্ষ্মণ সত্ৰৰ লগতে ৰামদিয়াৰ ১৬ খন দামোদৰী য় সত্ৰৰ  বাপু ভকত সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। হয় মুকলি সভা। বিয়লি চাৰি বজাৰ পৰা সদৌ অসম দেৱ দামোদৰ সংঘৰ কাৰ্যকৰী সভাপতি কমলাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্ধোধন কৰে সাংস্কৃতিক আলোচনী দাপোণৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই ।উদ্ধোধনী ভাষণত তেঁও দামোদৰ দেৱ মহাপ্ৰভুৰ অসমৰ নৱ-বৈষ্ণৱ ধৰ্মা ন্দোলনৰ এগৰাকী ধৰ্মগুৰু হিচাপে সমাজখনৰ হকে আগবঢ়োৱা আদৰ্শ তেঁওৰ চিন্তা চেতনা উপৰি ধৰ্ম আধ্যত্মিকতা সম্পৰ্কে কিছু আভাস দাঙি ধৰে।উদযাপন সমিতিৰ সম্পাদক পৰমানন্দ ডেকা আৰু দিলীপ ঠাকুৰীয়া ই আত ধৰা মুকলি ধৰ্মা লোচনী সভাৰ আৰম্ভণিতে স্থানীয় শিল্পী সকলে সমবেত গীত পৰিৱেশন কৰে।সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃ ত কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা জৱাহৰলা ল নেহৰু মহাবিদ্যালয়ৰ বকোৰ মঞ্জিৰা শৰ্মাই । মুখ্য অতিথি হিচাপে উপস্থিত থাকি  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰী আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়াই দামোদৰ দেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু গুৰুজনাই সমাজ খনক,জাতিটোক কিদৰে  আগুৱাই লৈ গৈছিল বহলাই কয়। বিশিষ্ট‌ অতিথি হিচাপে উপস্থিত থাকি বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে মহাপুৰুষ দামোদৰ দেৱৰ ধৰ্মীয় চিন্তা ধাৰাৰে সমাজ খনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বহলাই বাখ্যা কৰে।দেৱ দামোদৰ সংঘৰ সভাপতি অতুল চন্দ্ৰ কাকতি,মহানন্দ দাস,অতুল চন্দ্ৰ ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থকা সভাত আদৰণি ভাষণ পাঠ কৰে কুমুদ চন্দ্ৰ ডেকাই আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে বিমল চন্দ্ৰ কলিতা ই। এই সভাতে জনপ্ৰিয় লোকগীতৰ শিল্পী প্ৰণিতা বৈশ্য মেধি আৰু লোক শিল্পী জবা চক্ৰৱৰ্তীয়ে গীত পৰিৱেশন কৰে। নিশালৈ উদয়নীল মিনি থিয়েটাৰৰ  (সৰোলাহ) নাট্যাভিনয় অনুষ্ঠি ত হয়। মঞ্চ উদ্বোধন কৰে ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম শইকীয়াই। ইফালে কালি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰে ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য ৰেৱতী ডেকা মজুমদাৰে আৰু দহ বজাত বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰা উদ্ধোধন কৰে বিজেপিৰ যুৱ নেতা প্ৰকাশ চন্দ্ৰ দাসে।উল্লেখ্য যে,কালি অনুষ্ঠিত বিষয় বাছনি সভাত আগত বৰ্ষৰ বাবে বলোৰাম কলিতাক সভাপতি,কৈলাশ দাসক কাৰ্যকৰী সভাপতি  ধৰ্মেশ্বৰ ঠাকুৰীয়াক সম্পাদক   হিচাপে লৈ ৰামদিয়া দেৱ দামোদৰ সংঘৰ নতুন কাৰ্যকৰী সমিতি খন গঠন কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular