30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমডিব্ৰুগড় কানৈ মহাবিদ্যালয়তসঙ্গীতমৰ বাৰ্ষিক মুখপত্র ‘সঙ্গীতম বার্তা’উন্মোচন ড০ নাছমিম ফাৰহিম আখতাৰৰ 

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়তসঙ্গীতমৰ বাৰ্ষিক মুখপত্র ‘সঙ্গীতম বার্তা’উন্মোচন ড০ নাছমিম ফাৰহিম আখতাৰৰ 

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়তসঙ্গীতমৰ বাৰ্ষিক মুখপত্র ‘সঙ্গীতম বার্তা’উন্মোচন ড০ নাছমিম ফাৰহিম আখতাৰৰ 
দুৰ্নীতি দৰ্পণ,প্ৰশান্ত শইকীয়া, ডিব্ৰুগড়, ২৭ এপ্রিল : ডিব্ৰুগড়ৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সঙ্গীতমৰ এক কাৰ্যসূচী ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত ২৬ এপ্রিলত অনুষ্ঠিত হয়। সঙ্গীতমৰ সম্পাদক ড° মিনাক্ষী সেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটিৰ লগত সংগতি ৰাখি সঙ্গীতমৰ বাৰ্ষিক মুখপত্র ‘সঙ্গীতম বার্তা’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী প্ৰাধ্যাপিকা ড° নাছমিম ফাৰহান আখতাৰে। বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰি ড° আখতাৰে কয় সঙ্গীতমৰ এনে প্ৰচেষ্টা সঁচাই প্রশংসনীয়। সঙ্গীতমে সমাজ-সংস্কৃতিৰ বাবে কৰি অহা কামবোৰে সমাজক এক নতুনপথ দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ সঙ্গীতমে এনে এখন সৰ্ব্বাংগ সুন্দৰ বাৰ্ষিক মুখপত্ৰ প্ৰকাশ কৰি উলিওৱাৰ বাবে মুখপত্ৰ সম্পাদনা সমিতিৰ লগতে সঙ্গীতমৰ সমূহ বিষয়ববীয়াক ভূয়সী প্রশংসা কৰে। সঙ্গীতমে বিভিন্ন সময়ত কৰি অহা সামাজিক- সাংস্কৃতিক কর্মসমূহৰ বাবে তেওঁ সকলোকে অভিনন্দন জ্ঞাপন কৰে। সঙ্গীতম বাৰ্তাৰ সম্পাদক ডাঃ নৱনীতা বৰ্মণে মনভাৱ ব্যক্ত কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, কর্মসূর্য ড° শশীকান্ত শ‍ইকীয়াই অসমীয়া ভাষাত বাৰ পৃষ্ঠাৰ ৰঙীণ ফটোসহ প্ৰকাশ কৰি উলিওৱা ‘সঙ্গীতম বাৰ্তা’খনৰ ভূয়সী প্ৰশংসা কৰি কয় যে অসমীয়া ভাষাত প্ৰকাশ কৰা এই ‘সঙ্গীতম বাৰ্তা’ মাথোঁ সঙ্গীতমৰ কাম কাজৰ খতিয়ান দাঙি ধৰা দলিল নহয়, ই অসমীয়া সমাজৰ এক সম্পদ। ইয়াক পুথি ভঁড়ালত সংৰক্ষণ কৰি ৰাখিলে বিশ্বায়নৰ যুগত অসমীয়া বহু কথা হেৰাই গ’লেও এই মুখপত্ৰখনে এই সময়ছোৱাক ধৰি ৰাখিব। অধ্যক্ষ গৰাকীয়ে কয় যে ভাল কাম কৰিবলৈ মন থাকিলে মুষ্টিমেয় মানুহেও এই কাম কৰিব পাৰে। এনে ক্ষেত্ৰত মানুহৰ মনটো আৰু সামাজিক কাম কৰাৰ ইচ্ছাহে প্ৰধান সম্বল। তেওঁ এনে ভাল কাম কাজৰ বাবে সদায় সহায়-সহযোগিতা আগবঢ়াব বুলি প্রতিশ্রুতি দিয়ে। উন্মোচনী অনুষ্ঠানত সঙ্গীতমৰ সভাপতি মিনাক্ষী বৰুৱা, সম্পাদক ড° মিনাক্ষী সেন শৰ্মা, সঙ্গীতম বাৰ্তাৰ সম্পাদক ডাঃ নৱনীতা বর্মণ, সহ সম্পাদক ড° মৰমী তালুকদাৰৰ লগতে সঙ্গীতমৰ সমূহ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে। অনুষ্ঠানৰ শেষত সঙ্গীতমৰ সম্পাদক ড°মিনাক্ষী সেন শর্মাই শলাগ জ্ঞাপন কৰে।

RELATED ARTICLES
Lucknow
overcast clouds
29.5 ° C
29.5 °
29.5 °
68 %
5.9kmh
100 %
Fri
33 °
Sat
36 °
Sun
35 °
Mon
30 °
Tue
33 °

Most Popular