30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমশিৱসাগৰৰ ঐতিহাসিক থানামুখ বৰনামঘৰত অবিৰত ভাগৱত পাঠ আৰম্ভঃ ১ মে’ত ভাওনা প্ৰদৰ্শন*

শিৱসাগৰৰ ঐতিহাসিক থানামুখ বৰনামঘৰত অবিৰত ভাগৱত পাঠ আৰম্ভঃ ১ মে’ত ভাওনা প্ৰদৰ্শন*

শিৱসাগৰৰ ঐতিহাসিক থানামুখ বৰনামঘৰত অবিৰত ভাগৱত পাঠ আৰম্ভঃ ১ মে’ত ভাওনা প্ৰদৰ্শন*

​ * দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৭ এপ্ৰিলঃ* শিৱসাগৰ চহৰৰ মাজমজিয়াৰ থানামুখৰ ৰাধিকা শান্তি পথস্থিত ঐতিহাসিক তিনিশ বছৰীয়া বৰনামঘৰত আজিৰে পৰা অতি ভব্য তথা ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ আৰু বাৰ্ষিক বৰসবাহ। দৈকলঙ্গীয়া গাঁৱৰ ৰাইজৰ উদ্যোগত আয়োজিত এই পবিত্ৰ অনুষ্ঠানৰ আৰম্ভণিতে আজি পুৱা এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।গাঁৱৰ পুৰুষ-মহিলা আৰু শিশুসকলে নাম-কীৰ্তনেৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়াই থানামুখৰ পৰা চহৰৰ মূল পথসমূহ পৰিভ্ৰমণ কৰে। ​পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই ধৰ্মীয় মহোৎসৱৰ অহা ১ মে’ত সামৰণি পৰিব। কাৰ্যসূচী অনুসৰি, ৩০ এপ্ৰিলত ধেমাজী কেন্দ্ৰীয় হৰিনাম গোষ্ঠীয়ে বিশেষ দিহানাম পৰিৱেশন কৰি ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰিব। আনহাতে, ১ মে’ৰ অন্তিম দিনা স্থানীয় যুৱকসকলৰ দ্বাৰা ‘কুৰ্ম্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শনেৰে এই ধৰ্মীয় অনুষ্ঠানৰ সফল সামৰণি মৰা হ’ব। এই কেইটা দিনত ঐতিহাসিক বৰনামঘৰটোত উপস্থিত থাকি ধৰ্মালোচনাত ভাগ লৈ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ উদ্যোক্তা সমিতিয়ে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছে।

RELATED ARTICLES
Lucknow
overcast clouds
29.5 ° C
29.5 °
29.5 °
68 %
5.9kmh
100 %
Fri
33 °
Sat
36 °
Sun
35 °
Mon
30 °
Tue
33 °

Most Popular