40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমকাছাৰত কংগ্ৰেছ নেতাৰ দলত্যাগ

কাছাৰত কংগ্ৰেছ নেতাৰ দলত্যাগ

কাছাৰত কংগ্ৰেছ নেতাৰ দলত্যাগ
শিলচৰ, পিএনচি , ১৮ মাৰ্চ: কাছাৰ জিলাৰ সোনাই এলাকাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ উপ-সভাপতি আখতাৰ (আক্কা) উদ্দিন বৰভূইঞা ই দল ত্যাগ কৰিলে।
এক সময়ৰ সোনাই মন্ডল কংগ্ৰেছ কমিটীৰ সভাপতি বৰভূইঞাই শিলচৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতিলৈ এখন পত্ৰ দি দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে। এই পদত্যাগ পত্ৰত তেওঁ কয় যে যোৱা তিনি বাৰৰ পৰা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ মনোনয়ন বিচাৰি আছিল। কিন্তু এই বাৰো আগন্তুক নিৰ্বাচনৰ বাবে দলে তেওঁক মনোনয়ন নিদি দলত নতুনকৈ অহা আমীনূল হক লস্কৰৰ মনোনয়ন দিলে। এই বিষয় টো অতি দূৰ্ভাগ্যজনক বুলি আখ্যা দি ৩৫ বছৰ ধৰি কংগ্ৰেছ কৰা বৰভূইঞাই কয় যে বিজেপিৰ পৰা নতুনকৈ অহা আমীনূল হক লস্কৰক ১১৯ নম্বৰ সোনাই বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ মনোনয়ন দি দিলে। বৰভূঞাই পদত্যাগ পত্ৰত অভিযোগ কৰে যে আমিনূল হক ২০১৬ৰ পৰা ২০২১ চনলৈ বিজেপিৰ বিধায়ক আৰু ৰাজ্য বিধানসভাৰ উপাধ্যক্ষ থকাৰ সময়ত বহুতো কংগ্ৰেছ কৰ্মীক অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular