32 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমধাৰাষাৰ বৰষুণত ভাঙি পৰিল পাণবাৰীৰ বাল্লিমাৰী কালভাৰ্ট।যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত

ধাৰাষাৰ বৰষুণত ভাঙি পৰিল পাণবাৰীৰ বাল্লিমাৰী কালভাৰ্ট।যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত

ধাৰাষাৰ বৰষুণত ভাঙি পৰিল পাণবাৰীৰ বাল্লিমাৰী কালভাৰ্ট।যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত

বিজনী, আশীষ দাসৰ প্ৰতিবেদন,২১জুন: বিজনী মহকুমাৰ পাতিলাদহা–পাণবাৰী হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথৰ বাল্লিমাৰী অঞ্চলত অৱস্থিত এখন গুৰুত্বপূৰ্ণ কালভাৰ্ট নেৰা নেপেৰা বৰষুণৰ ফলত ভাঙি পৰে। ইয়াৰ ফলত অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু বৃহত্তৰ পাণবাৰী অঞ্চলৰ স্থানীয় ৰাইজে চৰম দুৰ্ভোগৰ সন্মুখীন হ’বলগীয়া হৈছে। জানিব পৰা মতে, কালভাৰ্টটো ভাঙি যোৱাৰ পাছত যাতায়তৰ বাবে কোনো বিকল্প পথ নথকাত স্থানীয় লোকসকলে বৰপেটা, সৰভোগ অথবা মাণিকপুৰলৈ যাবলৈ প্ৰায় ৫ কিলোমিটাৰ অতিৰিক্ত পথ অতিক্ৰম কৰিবলগীয়া হৈছে ,স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কিছুদিন পূৰ্বেই কালভাৰ্টটোৰ তলত ফাট মেলাৰ লক্ষণ দেখা গৈছিল।
এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও সময়মতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। ফলস্বৰূপে, ধাৰাষাৰ বৰষুণৰ চাপত কালভাৰ্টটো ভাঙি পৰে আৰু ইয়াৰ ফলত সাধাৰণ ৰাইজে নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে অতি শীঘ্ৰে কালভাৰ্টটো পুনৰ নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা স্বাভাৱিক কৰাৰ বাবে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক জৰুৰী ভিত্তিত পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।

RELATED ARTICLES
Lucknow
broken clouds
29 ° C
29 °
29 °
94 %
1kmh
53 %
Thu
31 °
Fri
35 °
Sat
34 °
Sun
30 °
Mon
33 °

Most Popular