32 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমপ্ৰকট গৰমত জীৱ জন্তুবোৰৰ বাবে কল্পজ্যোতি ফাউণ্ডেচনৰ পৰা প্ৰশংসনীয় পদক্ষেপ।

প্ৰকট গৰমত জীৱ জন্তুবোৰৰ বাবে কল্পজ্যোতি ফাউণ্ডেচনৰ পৰা প্ৰশংসনীয় পদক্ষেপ।

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২১ জুন : ভাৰতবৰ্ষৰ লগতে অসমতো গৰমত দহিছে ৰাজ্যবাসীয়ে। আৰু এই গৰমত বাটৰ জীৱ জন্তুৰবোৰে বহুত অসুবিধাৰ সমুখিন হোৱা বুলি দেখা গৈছে। এই প্ৰচণ্ড গৰমৰ তৃষ্ণাৰ্ত পথৰ কুকুৰ-মেকুৰী, চৰাই-চিৰিকটি আন্যান্য বিপথগামী পশুৰ বাবে অলপ খোৱা পানীৰ পানৰ বাবে উল্লেখযোগ্য উদ্যোগ গ্ৰহণ কৰে ধুবৰীৰ কল্পজ্যোতি ফাউণ্ডেচনে। এই ফাউণ্ডেচনটোৰ স্বেচ্ছাসেৱকসকলে ধুবৰী আৰু গৌৰীপুৰ চহৰৰ বিভিন্ন স্থানত মাটিৰ পাত্ৰত পানীৰ ব্যৱস্থা কৰি জীৱ জন্তুবোৰক পানী যোগান ধৰিছে। এই তীব্ৰ তাপদাহত বাটত ঘূৰি ফুৰা জীৱ জন্ত সকলৰ অৱস্থা অত্যন্ত শোচনীয় হৈ পৰে। অলপ পানীৰ অভাৱত বহুতো চৰাই চিৰিকটি দুৰ্বল হৈ পৰে। আৰু এই পৰিস্থিতিত কল্পজ্যোতি ফাউণ্ডেচনৰ স্বেচ্ছাসেৱকসকলে মানৱীয়তাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিলে। স্বেচ্ছাসেৱক সকলোৱে নিজৰ উদ্যোগত ৰাস্তাৰ বিভিন্ন চকত,উদ্যানত, ৰাস্তাৰ কাষত আৰু জনবহুল ঠাইত মাটিৰ পাত্ৰত পৰিষ্কাৰ পানীৰ ব্যৱস্থা কৰিছে বুলি দেখা গৈছে। আৰু পাত্ৰবোৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাৰ লগতে পানী ভৰ্তি ৰখাৰ দায়িত্বও স্বেচ্ছাসেৱকসকলে গ্ৰহণ কৰিব বুলি উল্লেখ কৰে উপস্থিত সদস্য সকলে।
আৰু লগতে কল্পজ্যোতি ফাউণ্ডেচনৰ সদস্য সকলে উল্লেখ কৰে যে, “এই গৰমৰ এই সময়ত জীৱ জন্তুবোৰেও আমাৰ দৰে সময়ত অলপ পানী পান কৰিব নোৱাৰিলে বহুত কষ্ট পায়। সেয়েহে এই স্বেচ্ছাসেৱী সংগঠনৰ সদস্য হিচাপে যিমান সমাজৰ এই সৎ উদ্দেশ্যৰ কামবোৰত যিমান কৰিব পাৰিব সিমানেই জীৱ জন্তুৰ হৈ কাষত থিয় দিব বুলিও উল্লেখ কৰে। আৰু কয় যে যদি এই সৰু উদ্যোগৰ জৰিয়তে কেইটামান প্ৰাণ সুস্থ হৈ থাকে, তেন্তে আমাৰ প্ৰয়াস সাৰ্থক হ’ব”
ইফালে অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে এই উদ্যোগক স্বাগত জনাইছে। বহুতে ইতিমধ্যেই জনাইছে যে তেওঁলোকেও এই কাৰ্যসূচীত সহযোগিতা কৰিব আৰু প্ৰয়োজন হ’লে পানী ভৰি দিব। পৰিৱেশ আৰু পশুপ্ৰেমীসকলৰ মতে, এনে ধৰণৰ উদ্যোগে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব আৰু মানুহৰ মাজত সহমৰ্মিতাৰ ভাৱ জাগ্ৰত কৰিব বুলি।
আৰু ফাউণ্ডেচনৰ উপস্থিত সদস্য সদস্যা সকলে জনাই যে এই কাৰ্যসূচী অব্যাহত থাকিব এইকেইদিন। এই গৰমৰ ঋতু জুৰি তেওঁলোকে আৰু অধিক স্থানত পানীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে। সংগঠনটোৰ সকলোকে এই উদ্যোগত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
এই প্ৰচণ্ড গৰমত মানুহৰ লগতে পশুৰ প্ৰতিও যত্নবান হোৱা যে কিমান জৰুৰী আৰু কল্পজ্যোতি ফাউণ্ডেচনৰ এই উদ্যোগ তাৰেই জ্বলন্ত উদাহৰণ বুলিও উল্লেখ কৰে।

RELATED ARTICLES
Lucknow
broken clouds
29 ° C
29 °
29 °
94 %
1kmh
53 %
Thu
31 °
Fri
35 °
Sat
34 °
Sun
30 °
Mon
33 °

Most Popular