40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমনলবাৰীত শাসক-বিৰোধী-নিৰ্দলীয়া মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

নলবাৰীত শাসক-বিৰোধী-নিৰ্দলীয়া মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

নলবাৰীত শাসক-বিৰোধী-নিৰ্দলীয়া মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

ষ্টাফৰিপোৰ্টাৰ নলবাৰী২৩ মাৰ্চঃ- আজি অসম বিধানসভা নিৰ্বাচনৰ মনোনয়নৰ অন্তিমটো দিন৷ এই অন্তিম দিনটোত নলবাৰীত শাসক-বিৰোধী-নিৰ্দলীয়া সহিতে মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ৷ বৰক্ষেত্ৰী সমষ্টিৰ বাবে বিজেপি দলৰ নাৰায়ণ ডেকা, কংগ্ৰেছ দলৰ দিগন্ত বৰ্মন, চুচি(SUCI)দলৰ মুনীন্দ্ৰ দলে আৰু তৃণমূল কংগ্ৰেছ দলৰ আমিনুল ইছলামে আজি নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে৷
জিলাখনৰ নলবাৰী সমষ্টিৰ বাবে জয়ন্ত মল্লবৰুৱাই বিজেপি দলৰ পৰা, অশোক শৰ্মাই কংগ্ৰেছ দলৰ পৰা, কেনেডি পেগু চুচি দলৰ পৰা আৰু মুক্তাৰ হুছেইন, চামচুল হক, চফৰ আলী আৰু হৰিচন্দ্ৰ বড়োই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আজি নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে৷ আনহাতে নলবাৰী জিলাৰ টিহু সমষ্টিৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীয়ে বিজেপি দলৰ পৰা, ৰাতুল পাটোৱাৰীয়ে কংগ্ৰেছ দলৰ পৰা, প্ৰমোদ চন্দ্ৰ ভাগৱতীয়ে চুচি দলৰ পৰা, নাৰায়ণ দত্ত ভূঞা আৰু ভাৰত ৰাজবংশীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আজি নলবাৰী জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত আজি মনোনয়ন পত্ৰ দাখিল কৰে৷ উল্লেখ্য শাসক-বিৰোধীয়ে নিজ নিজ সমৰ্থনত বিশালজন সমুদ্ৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে৷ ৷ শাসকীয় পক্ষৰ গৰ্ডণ খেল পথাৰ প্ৰাংগণৰ পৰা কেইবা সহাস্ত্ৰধিক ৰাইজৰ পদযাত্ৰা হয়৷ একেদৰে বিৰোধী পক্ষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাওদল চকৰ পৰা ৰাইজৰ বিশাল পদযাত্ৰা কৰা হয়৷ কবলৈ গ’লে শাসক-বিৰোধী দুয়ো পক্ষৰ জনসমৰ্থনৰ চমক পৰিলক্ষিত হয়৷ ৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular