নগাঁৱৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানাৰ দৌল উৎসৱত মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা:
দুৰ্নীতিৰ দৰ্পণ, আনাৰুল হক, টুকটুকী,৩ মাৰ্চ : শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাচঁ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আজি দিতীয় দিনৰ কাৰ্যসূচীৰ দুপৰীয়া ভাগত উপস্থিত হয়হি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা। শ্ৰীকৃষ্ণৰ দৌল উৎসৱক কেন্দ্ৰ কৰি বটদ্ৰৱা থানত সৃষ্টি হোৱা উখল-মাখল পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা উপস্থিত হৈ অসমবাসীৰ মঙ্গল কামনা কৰি ভগৱন্তৰ ওচৰত সেৱা আগবঢ়ায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ যি পবিত্ৰতা আছে, সেই পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰা সকলো লোকে জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে ১২ বছৰৰ তলৰ শিশু সকলৰ বাবে মুকলি থাকিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাৰ কালতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ বিৰোধী দল সমূহক সমালোচনা কৰা পৰিলক্ষিত হয়। আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে বটদ্ৰৱা থানাৰ কীৰ্তন ঘৰত সেৱা লোৱাৰ পাছত ৰাইজক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত নিৰ্বাচনৰ পাছতে বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ বাকী থকা কেতবোৰ কাম সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে- মুখ্যমন্ত্ৰী ড হিমন্তবিশ্ব শৰ্মাৰ বটদ্ৰৱা থানত উপস্থিত হোৱাৰ কালত স্থানীয় বিধায়ক ৰূপক শৰ্মায়ো সংগ দিয়ে।

