চুতীয়া জাতিৰ ইতিহাস অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়: মুখ্যমন্ত্রী , দুবছৰৰ ভিতৰত সমন্বয় ক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস চলাব ৰাজ্য চৰকাৰে , বীৰাঙ্গনা সতী সাধনী সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ ক্ষুদ্ৰ আৰ্হি প্রতিফলিত হ’ব: মুখ্যমন্ত্রী
গোলাঘাট, পিএন চি, ৩ মার্চ: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলাৰ কমাৰগাঁৱত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বীৰাঙ্গনা সতী সাধনী সমন্বয় ক্ষেত্ৰৰ শিলান্যাস কৰে। বীৰাঙ্গনা সতী সাধনীৰ প্ৰতি শ্রদ্ধা নিবেদনৰ লগতে ঐতিহ্যময় চুতীয়া সাম্ৰাজ্যৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ৰাজ্য চৰকাৰে এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ পদক্ষেপ লৈছে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বহু ঐতিহাসিক ঘটনাৰাজি আৰু বীৰ-বীৰাঙ্গনাৰ কালজয়ী গাথাৰে পূৰ্ণ চুতীয়া জাতিৰ ইতিহাস অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূর্ণ অধ্যায়। এই ইতিহাসৰ এক সোণোৱালী অধ্যায়ৰ সাক্ষ্য বহন কৰি অহা চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী বীৰাঙ্গনা সতী সাধনীৰ স্বদেশপ্রেম আৰু আত্মবলিদানৰ গাথাই অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে চুতীয়া জাতিৰ বিভিন্ন নেতৃস্থানীয় সংগঠনসমূহৰ সৈতে আলোচনা-বিলোচনাৰ মাধ্যমেৰে ৰাজ্য চৰকাৰে এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণৰ কামত আগবাঢ়িছে আৰু সমন্বয় ক্ষেত্রখন চুতীয়া ৰাজ্যৰ এক ক্ষুদ্র আর্হি হিচাপে গঢ়ি তোলা হ’ব। এই সমন্বয় ক্ষেত্রত পেডেষ্টেলসহ ১০০ ফুট উচ্চতাৰ বীৰাঙ্গনা সতী সাধনীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ লগতে ঐতিহাসিক চুতীয়া ৰাজ্যৰ ৰাজধানী ভীষ্মক নগৰ, ৰুক্মিনী নগৰ, ইটানগৰ আৰু পদুম পুখুৰী, প্রতিমা নগৰ, তেজু দুর্গ, গোমচি ৰাণী নগৰ ইত্যাদিৰ আৰ্হি নিৰ্মাণ কৰা হ’ব। চুতীয়াসকলৰ সম্পৰ্কে অধ্যয়নৰ বাবে অহা লোকসকলৰ সুবিধা হোৱাকৈ এটা সংগ্ৰহালয় আৰু এটা পুথিভঁৰালো নিৰ্মাণ কৰা হ’ব। চুতীয়াসকলৰ আৰাধ্য দেবী কেঁচাইখাটি গোঁসানীকে প্ৰমুখ্যে কৰি শদিয়াৰ চাৰিশাল গোঁসানীৰ শালৰ আৰ্হি সমন্বয় ক্ষেত্ৰত প্রতিষ্ঠা কৰা হ’ব। দুহেজাৰ আসনযুক্তএটা প্রেক্ষাগৃহও ইয়াত নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি, এখন মুকলি মঞ্চ, চুতীয়া জাতিৰ ৰজাসকলৰ প্ৰতিমূৰ্তি এই ক্ষেত্ৰত স্থাপন কৰাৰ লগতে এখন শিশু উদ্যান, এটা অতিথিশালা, এখন থলুৱা সামগ্ৰীৰ বজাৰ আদিও প্রকল্পটোৰ অন্তৰ্গত সামৰি লোৱা হ’ব। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে বীৰাঙ্গনা সতী সাধনীৰ সাহস আৰু বীৰত্বৰ সম্পৰ্কে আলোকপাত কৰাৰ লগতে চুতীয়া ৰাজ্যৰ গৌৰৱময় ইতিহাস আৰু অসমৰ জাতি গঠন প্রক্রিয়াত চুতীয়াসকলৰ চিৰস্থায়ী অৱদানৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে বীৰাঙ্গনা সতী সাধনী কেৱল চুতীয়া জাতিৰ বাবে বীৰত্ব আৰু শৌৰ্যৰ প্রতীক নহয়, তেওঁ সমগ্র অসমীয়া জাতিৰ বাবে বীৰত্ব আৰু আত্মসন্মানৰ অমৰ প্ৰতীক। উজনি আৰু নামনি অসমৰ এক গুৰুত্বপূৰ্ণ মধ্যস্থলত এই সমন্বয় ক্ষেত্রখন নিৰ্মাণ কৰিবলৈ লোৱা হৈছে বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে খুব কম দিনৰ ভিতৰতে নুমলীগড়-গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব। এই প্ৰকল্পৰ সমাপ্তিৰ লগে লগে সমন্বয় ক্ষেত্র স্থাপনৰ বাবে গ্রহণ কৰা এই ঠাইখিনিৰ লগতে সমগ্র বোকাখাত-নুমলীগড়ৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাব আৰু এই সমগ্ৰ অঞ্চলটোৰ বিকাশত যোগাত্মক প্ৰভাৱ পৰিব। ৰাজ্য চৰকাৰে নিৰ্বাচনৰ পিছত প্রায় দুবছৰৰ ভিতৰতে বীৰাঙ্গনা সতী সাধনী সমন্বয় ক্ষেত্ৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস চলাব বুলি মুখ্যমন্ত্রীয়ে কয়। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্রসাদ তাছা, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য জ্যোতিপ্রসাদ শইকীয়া, চুতীয়া জনগোষ্ঠীৰ বিভিন্ন নেতৃস্থানীয় সংগঠনৰ মূৰব্বীসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

