30.2 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমপঞ্চমবাৰলৈ বিধায়ক হিচাপে জয়লাভ প্ৰশান্ত ফুকন , ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিত ধূলিসাৎ...

পঞ্চমবাৰলৈ বিধায়ক হিচাপে জয়লাভ প্ৰশান্ত ফুকন , ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিত ধূলিসাৎ বিৰোধী, আটাইকেইটা সমষ্টিতে বিজেপি প্রার্থী জয়ী

পঞ্চমবাৰলৈ বিধায়ক হিচাপে জয়লাভ প্ৰশান্ত ফুকন , ডিব্ৰুগড় জিলাৰ ৬ সমষ্টিত ধূলিসাৎ বিৰোধী, আটাইকেইটা সমষ্টিতে বিজেপি প্রার্থী জয়ী

দুৰ্নীতিৰ দৰ্পণ,প্ৰশান্ত শইকীয়া,ডিব্ৰুগড়, ৪ মে’: ডিব্রুগড় জিলাৰ ৬ টা সমষ্টিতে ধূলিসাৎ হল বিৰোধী। আজি ঘোষিত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পাছত গেৰুৱা দলটোৰ অন্যতম ঈর্ষণীয় প্ৰদৰ্শনৰে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পার্টিয়ে জয়লাভ কৰি একপ্ৰকাৰ বিৰোধী শূন্য কৰিবলৈ সক্ষম হয়। এই ফলাফলত আটাইতকৈ বিশাল জয় সাব্যস্ত কৰে ডিব্ৰুগড় সমষ্টিত। এই সমষ্টিত বিজেপিৰ চাৰিবাৰৰ বিধায়ক তথা ৰাজ্যৰ শক্তি মন্ত্ৰী প্রশান্ত ফুকনে অসম জাতীয় পৰিষদৰ মইনাক পাত্ৰক ৭২, ০৪ ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ডিব্ৰুগড় সমষ্টিৰ পৰা এয়া ফুকনৰ ধাৰাবাহিক পঞ্চমটো জয় আৰু এতিয়ালৈকে সর্ববৃহৎ জয়ৰ ব্যৱধান। বিজয়ৰ পিছত ফুকনে কয়, “এই বিপুল জনাদেশ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ থকা আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন। মই বিনম্রতাৰে এই জনাদেশ গ্রহণ কৰিছোঁ আৰু একেই আন্তৰিকতাৰে ডিব্ৰুগড়ৰ সেৱা কৰি যাম।” টিংখং সমষ্টিৰ বিধায়ক তথা উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বৰাই কংগ্ৰেছ প্রার্থী বিপুল গগৈক ৪৯, ০২৬ ভোটত পৰাজিত কৰি এইবাৰ হেট্রিক অর্জন কৰে। ইয়াৰ লগে লগে উজনি অসমত বিজেপিৰ এজন অন্যতম শক্তিশালী নেতা হিচাপে তেওঁ নিজৰ স্থিতি সুদৃঢ় কৰি তোলে। বিমল বৰাই কয়, এই বিজয় দলীয় কর্মীসকলৰ, টিংখঙৰ ৰাইজৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতিফলন। অহা পাঁচ বছৰত আমি সমষ্টিটোৰ উন্নয়ন অধিক গুৰুত্ব প্রদান কৰি ক্ষিপ্ৰতৰ কৰিম। নাহৰকটীয়া সমষ্টিত বিজেপিৰ বিধায়ক তৰংগ গগৈয়ে কংগ্রেছ প্রার্থী তথা প্রাক্তন মন্ত্রী প্রণতি ফুকনক ৬০, ০০০ তকৈ অধিক ভোটত পৰাজিত কৰে। চাবুৱা- লাহোৱালত বিজেপি প্রার্থী বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল ঘাটোৱাৰক ৫০, ৯১৪ ভোটত পৰাস্ত কৰে। দুলীয়াজানত বিজেপি প্রার্থী তথা প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছ প্রার্থী ধ্রুৱজ্যোতি গগৈৰ বিৰুদ্ধে ১০,০০০ তকৈ অধিক ভোটত জয়লাভ কৰে। এই সমষ্টিটোত তীব্র প্রতিদ্বন্দ্বিতা হ’ব বুলি পূৰ্বৰে ধাৰণা কৰা হৈছিল। আজিৰ ফলাফলত আটাইতকৈ প্রত্যাহ্বান মূলক যুঁজখন দেখা গৈছিল খোৱাং সমষ্টিত। ইয়াত বিজেপি প্রার্থী তথা বিধায়ক চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ৯, ৯৮৪ ভোটত পৰাজিত কৰে। প্ৰথমাবস্থাত লুৰিন জ্যোতি গগৈ আগবাঢ়ি আছিল যদিওঁ পাছৰ ৰাউণ্ড কেইটাত কমি যায়। ইয়াৰ লগে লগে নতুনকৈ গঠন হোৱা এই সমষ্টিটোৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী বিজয় সাব্যস্ত কৰাত, এজেপি সভাপতিগৰাকীৰ আপ্রাণ প্রচেষ্টাৰ দুখজনকভাবে অন্ত পৰে।

RELATED ARTICLES
Lucknow
overcast clouds
29.5 ° C
29.5 °
29.5 °
68 %
5.9kmh
100 %
Fri
33 °
Sat
36 °
Sun
35 °
Mon
30 °
Tue
33 °

Most Popular