40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমবৰছলা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ উপস্থিতিত এখন জনপ্ৰতিনিধি...

বৰছলা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ উপস্থিতিত এখন জনপ্ৰতিনিধি সভা আয়োজন

বৰছলা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ উপস্থিতিত এখন জনপ্ৰতিনিধি সভা আয়োজন

দুৰ্নীতিৰ দৰ্পণ, ঠেলামৰা পৰা লোহিত স্বৰ্গীয়াৰী প্ৰতিবেদন, ২৩ মাৰ্চ:-শোণিতপুৰ জিলাৰ ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা বাবুজি ভৱনত আজি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ঋতুবৰণ শৰ্মাৰ উপস্থিতিত এখন জনপ্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাখনত সমষ্টিৰ তিনিওটা মণ্ডল বিহুগুৰী ঠেলামৰা মিছামাৰী, আৰু গাওঁ পঞ্চায়তৰ নিৰ্বাচিত জনপ্রতিনিদি জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সদস্যা দলীয় কৰ্মী সকলে উপস্থিত থাকে। সভাৰ সময়ত প্ৰাৰ্থী ঋতুবৰণ শৰ্মাই সমষ্টিৰ নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভাদ আলোচনা কৰে। উন্নয়নৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা সমূহৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। লগতে তেওঁ দলীয় কৰ্মী সহায়-সহযোগিতা বিচাৰি আগন্তুক নিৰ্বাচনত সমৰ্থন জনাবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও সভাত উপস্থিত থকা অন্যান্য নেতাসকলেও বক্তব্য আগবঢ়াই বিজেপি দলৰ নীতি-আদৰ্শ আৰু উন্নয়নৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহ ৰাইজৰ আগত তুলি ধৰে। সভাখন সুশৃঙ্খলভাৱে সম্পন্ন হয় আৰু ইয়ে আগন্তুক নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক অধিক উৎসাহিত কৰি তোলে।

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular