30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমবিজেপি মিত্ৰজোঁটৰ দখললৈ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি , নিৰ্বাচন জয়লাভৰ পাছতেই দহ...

বিজেপি মিত্ৰজোঁটৰ দখললৈ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি , নিৰ্বাচন জয়লাভৰ পাছতেই দহ হাজাৰ মিঠাই বিতৰণ নাৰায়ন ডেকাৰ

বিজেপি মিত্ৰজোঁটৰ দখললৈ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি ৷
নিৰ্বাচন জয়লাভৰ পাছতেই দহ হাজাৰ মিঠাই বিতৰণ নাৰায়ন ডেকাৰ

মুকালমুৱাৰ পৰা সুৰজিত পাঠক, ৫ মে’ অসমত কংগ্ৰেছক ধুলিসাৎ কৰি বিজেপি মিত্ৰজোঁটে বিজয়ৰ হেট্ৰিক অৰ্জন কৰাৰ পাছতেই চৰ্চালৈ আহিছে ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ নাম ৷ ৯০ হাজাৰৰো অধিক মুছলমান সম্প্ৰদায়ৰ ভোটাৰ থকা সমষ্টিটোক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সঘনাই চৰ্চা চলি আহিছিল ৷ এসময়ত অসম গণ পৰিষদৰ পুলকেশ বৰুৱা আৰু ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকাই সমষ্টিটোৰ পৰা বিজয় সাব্যস্ত কৰিছিল যদিওৱা পৰৱৰ্তী সময়ত পুনৰ কংগ্ৰেছৰ দখললৈ যায় সমষ্টিটো ৷ মুছলামন সম্প্ৰদায়ৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা বৰক্ষেত্ৰী সমষ্টিটো সমষ্টি পুনৰ নিৰ্ধাৰণেৰে হিন্দু সংখ্যাগৰিষ্ঠতা কৰি বিগত সময়ত সমষ্টিটোৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত নাৰায়ন ডেকাই কাম কাজ কৰি আহিছিল ৷ ২১ৰ অসম বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছতো বৰক্ষেত্ৰীৰ ৰাইজৰ সুখ- দুখে অংশীদাৰ হৈ অহা নাৰায়ন ডেকাই পুনৰ বিজেপি মিত্ৰজোঁটৰ দখললৈ আনিলে ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিতো ৷ নলবাৰী জিলাৰ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ২০১৬ চনৰ বিজেপি মিত্ৰজোঁটৰ বিধায়ক নাৰায়ন ডেকাই ২০২১ চনৰ নিৰ্বাচনত পৰাজিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশিষ ধন্য হৈ সমষ্টিবাসী ৰাইজৰ অতন্দ্ৰ সেৱক হিচাপে থাকি সমষ্টিটো পুনৰ বিজেপি মিত্ৰজোঁটৰ দখললৈ আনিবলৈ সক্ষম হৈছে ৷ বিগত পাঁচ বছৰত নাৰায়ন ডেকাই পৰাজিত হৈও সমষ্টিবাসীৰ উন্নয়নৰ স্বাৰ্থত কৰি অহা কামৰ ফলস্বৰূপে সমষ্টিবাসী ৰাইজে ২৬ ৰ বিধানসভা নিৰ্বাচনত নাৰায়ন ডেকাকেই যোগ্য বিবেচিত কৰি দিশপুৰলৈ পঠিয়ায় ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকাই কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনক ২৮ হাজাৰোৰ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰে ৷ নাৰায়ন ডেকাৰ বিজয়ৰ পাছতেই সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থক সকলৰ মাজত হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে ৷ সমষ্টিটোৰ দৌলাশাল, ৰামপুৰ, বৰতলা, মুকালমুৱাকে আদি কৰি বিভিন্ন ঠাইত ফটকা ফুটাই হৰ্ষোল্লাস কৰে সমৰ্থকসকলে ৷ সমষ্টিটোৰ ৫৭নং দৌলাশাল-ৰামপুৰ গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থকসকলে সন্ধিয়া ৭ বজাত ৰামপুৰ গোপাল মন্দিৰ আৰু দৌলাশাল কানাই বলাই হৰি মন্দিৰ প্ৰাংগণলৈ আহি বিজয় উল্লাস উদযাপন কৰে ৷ সমৰ্থকসকলে ইজনে সিজনৰ লগত ফাকু সানি, ফটকা ফুটাই আনন্দত মতলীয়া হৈ পৰা দেখা যায় ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকাৰ বিজয়ৰ পাছতেই সমষ্টিটোৰ কাৰ্যকৰ্তা আৰু সমৰ্থকসকলৰ মাজত দহ হাজাৰ বুন্দিয়াৰ লাৰু বিতৰণ কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে বৰক্ষেত্ৰী সমষ্টিৰ বিগত পাঁচ বছৰৰ কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনৰ অকৰ্মন্যতাৰ সুযোগ লৈ বিজেপি নেতা নাৰায়ন ডেকাই সমষ্টিটোত বাট, পথ, মঠ-মন্দিৰকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কাজ কৰি আহিছিল ৷ ২৬ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকাই ১,১৩,০০১টা, কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে ৮৪,১৫৭টা, তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামে ১৪১৮টা আৰু চিচু দলৰ প্ৰাৰ্থী মুনিন্দ্ৰ দলে ৯৫৯টা ভোট লাভ কৰে ৷ তাৰ বিপৰীতে ২০০১ গৰাকী ভোটাৰে নোটাত ভোটাধিকাৰ সাৱ্যস্ত কৰে ৷

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular