36.3 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমপ্ৰকাশ পালে যুৱ লেখক বিশ্বজিৎ সূতৰ দ্বিতীয়খন গ্ৰন্থ "শঙ্কৰদেৱৰ সাহিত্যৰ অমৃতধাৰা"

প্ৰকাশ পালে যুৱ লেখক বিশ্বজিৎ সূতৰ দ্বিতীয়খন গ্ৰন্থ “শঙ্কৰদেৱৰ সাহিত্যৰ অমৃতধাৰা”

প্ৰকাশ পালে যুৱ লেখক বিশ্বজিৎ সূতৰ দ্বিতীয়খন গ্ৰন্থ “শঙ্কৰদেৱৰ সাহিত্যৰ অমৃতধাৰা”।
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ৮ মাৰ্চ :

বিশ্বনাথৰ চতিয়াৰ উত্তৰ পাৰৰ ডিপলোঙা বালিজান গাঁৱৰ যুৱ কবি, ২০২৫ বৰ্ষত অসম চৰকাৰৰ যুৱ লেখক হিচাপে সন্মান প্ৰাপ্ত বিশ্বজিৎ সূতৰ অলপতে দ্বিতীয়খন গ্ৰন্থ “শঙ্কৰদেৱৰ সাহিত্যৰ অমৃতধাৰা” প্ৰকাশিত হয় । তেজপুৰ জিলা শাখাৰ আতিথ্যত জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ, ধলাইবিল-নাহৰবাৰী পথাৰত অনুষ্ঠিত হৈ যোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনা গ্ৰন্থ উন্মোচনী সভাত সূতৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশমনি শ‌ইকীয়াই । গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মহামান্য পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা, মুখ্য উপদেষ্টা কমলাকান্ত গগৈ, উপ পদাধিকাৰ চক্ৰধৰ সোণোৱাল, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, যুটীয়া সম্পাদক দেৱাঞ্জন বৰা, সাহিত্য শাখা সমিতিৰ সভাপতি ড° মৃণাল কুমাৰ বৰুৱা, সম্পাদক অচ্যুত কৃষ্ণ কলিতা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অশোক কুমাৰ বৰা, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ হাজৰিকা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° স্বাধীনতা মহন্ত, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° শুকদেৱ অধিকাৰী, প্ৰাক্তন সভাপতি ভূপেন শইকীয়া, আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, তেজপুৰ জিলা শাখাৰ সভাপতি ডাঃ সুনন্দ তামুলী, উপ-সভাপতি ৰমেন বৰা, আদৰণী সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন, যুটীয়া সম্পাদক ড° মানস প্ৰতীম বৰা, জিলা সাহিত্য শাখাৰ সভাপতি দেৱজিৎ শইকীয়া, সম্পাদক ৰঞ্জন বৰুৱা আদিৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া আৰু বহু শতাধিক বাপ-আইসমস্ত । গ্ৰন্থৰ উন্মোচক ড° পলাশমনি শ‌ইকীয়াই বিশ্বজিৎ সূতক অভিনন্দন জনোৱাৰ লগতে গ্ৰন্থখন সকলোকে আদৰি ল’বলৈ আহ্বান জনায় । সভাখনত অধিৱেশনৰ স্মৃতিগ্ৰন্থ আৰু বহুকেইখন গ্ৰন্থ উন্মোচন হয় । উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ তত্ত্বগধূৰ বক্তব্যৰে সভাৰ সফল সমাপ্তি ঘটে ।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
43 %
4.6kmh
97 %
Wed
35 °
Thu
36 °
Fri
34 °
Sat
35 °
Sun
35 °

Most Popular