36.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমবিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ কামত নিয়োজিত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ দ্বিতীয় ৰাউণ্ডৰ গ্ৰুপ প্ৰশিক্ষণ...

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ কামত নিয়োজিত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ দ্বিতীয় ৰাউণ্ডৰ গ্ৰুপ প্ৰশিক্ষণ মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ কামত নিয়োজিত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ দ্বিতীয় ৰাউণ্ডৰ গ্ৰুপ প্ৰশিক্ষণ মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত

দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাঁও সদৰ, ২৬ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ কামত নিয়োজিত মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলৰ দ্বিতীয় ৰাউণ্ডৰ গ্ৰুপ প্ৰশিক্ষণ আজি মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয়৷ এই প্ৰশিক্ষণত দুশৰো অধিক মহিলা ভোটগ্ৰহণকাৰী বিষয়াই অংশগ্ৰহণ কৰে৷ জিলা আয়ুক্ত অনামিকা তেৱাৰী আৰু কেইবাগৰাকীও বিষয়া তথা মাষ্টাৰ ট্ৰেইনাৰসকলে মহিলা ভোটগ্ৰহণকাৰী বিষয়াসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে অৱগত কৰায়৷ প্ৰশিক্ষণত প’লিং বিষয়াসকলক বেলট ইউনিট, ইলেক্ট্ৰনিক ভোটিং মেচিন, ভোটাৰ ভেৰিফায়েবল পেপাৰ অ’ডিট ট্ৰেইলৰ ব্যৱহাৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ প’লিং বিষয়াসকলে ম’ক প’লৰ জৰিয়তে ভোটগ্ৰহণৰ প্ৰক্ৰিয়াটোৰ ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰে৷ উল্লেখ্য যে মৰিগাঁও নিৰ্বাচন জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে সৰ্বমুঠ ৪৪৮০ গৰাকী প’লিং বিষয়াক নিয়োগ কৰা হৈছে৷ ইয়াৰে ৫০টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ’ব আৰু দুই শতাধিক মহিলা পলিং বিষয়াই ভোটগ্ৰহণ কৰিব৷

RELATED ARTICLES
Lucknow
haze
29 ° C
29 °
29 °
30 %
1kmh
6 %
Thu
32 °
Fri
42 °
Sat
45 °
Sun
45 °
Mon
44 °

Most Popular