40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমবিশ্বনাথ সমষ্টিত কাৰ্বি সকলৰ এশ শতাংশ ভোট লাভ কৰিব পল্লব লোচন দাসে:...

বিশ্বনাথ সমষ্টিত কাৰ্বি সকলৰ এশ শতাংশ ভোট লাভ কৰিব পল্লব লোচন দাসে: তুলিৰাম ৰংহাং

বিশ্বনাথ সমষ্টিত কাৰ্বি সকলৰ এশ শতাংশ ভোট লাভ কৰিব পল্লব লোচন দাসে: তুলিৰাম ৰংহাং
দুৰ্নীতিৰ দৰ্পণছয়নিকা ডেকা, বিশ্বনাথ, ৫ এপ্ৰিল: – বিশ্বনাথ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস ১০০ শতাংশ জিকিব৷ কাৰ্বি সকলে ১০০ শতাংশ ভোট দিব পল্লৱ লোচন দাসক৷ কিয়নো কাৰ্বি সকলৰ সকলো সমস্যা সমাধান কৰা হৈছে৷ অনা কাৰ্বি সকলেও পল্লব লোচনক ভাল পাই এই মন্তব্য কৰে তুলিৰাম ৰংহাংয়ে৷ আজি বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ বিশ্বনাথৰ মিছামাৰিত নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি স্বায়ত্ত্ব পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙে৷ ইফালে নিজেও এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তুলিৰাম ৰংহাঙে কয়, মোৰ লগৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে এটা স্থানতো সভা অনুষ্ঠিত কৰিব পৰা নাই৷ ইফালে ৰাহুল গান্ধীয়ে আজি বিশ্বনাথৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰ চলোৱাৰ পিছত তুলিৰামে কয় যে ৰাহুল গান্ধীৰ সভাত মোৰ সভাতকৈও মানুহ কম হয়৷ তেওঁ মনে সজা কথা কয়৷ ৰাহুল গান্ধী আহি ইয়াত বিজেপিৰ প্ৰাৰ্থীৰ বিপক্ষে অপপ্ৰচাৰ কৰিছে৷ তেওঁৰ এই অপপ্ৰচাৰে ইয়াত কিবা লাভ হ’ব নেকি? কাৰ্বি আংলংৰ লগতে গোটেই অসম খনতে শান্তি চুক্তি হৈছে৷ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগতে দল সংগঠনৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰিছে৷ সমগ্ৰ অসমতে এতিয়া উন্নয়ৰ কাম আগবাঢ়িছে৷ যি সকল মহিলা আত্মসহায়ক গোটে ধন পাইছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ নিদিব নেকি? বিশ্বনাথৰ অসম অৰুনাচল সিমান্তৰ প্ৰায় পাঁচ শতাধিক কাৰ্বি জনগোষ্ঠীক বিজেপি চৰকাৰৰ সপক্ষে পল্লৱ লোচন দাসক ভোট প্ৰদান কৰিবলৈ আহবান জনোৱাৰ লগতে বিজেপি চৰকাৰৰ বিভিন্নজন কল্যাণ মূলক আচনি সমূহৰ বিষয়ে ৰাইজক নিজৰ ভাষণ প্ৰসংগৰ জৰিয়তে অবগত কৰে৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular