32.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমবৰ্তমানৰ চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ-ভৈয়াম সকলো অঞ্চলতে সমদৃষ্টিৰে বিকাশৰ...

বৰ্তমানৰ চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ-ভৈয়াম সকলো অঞ্চলতে সমদৃষ্টিৰে বিকাশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে: মুখ্যমন্ত্রী ,

বৰ্তমানৰ চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকা, পাহাৰ-ভৈয়াম সকলো অঞ্চলতে সমদৃষ্টিৰে বিকাশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে: মুখ্যমন্ত্রী , প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত বিকাশ-উন্নয়নৰ এক বুনিয়াদ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে: মুখ্যমন্ত্রী

শিলচৰ, পিএন চি, ১৪ মার্চঃ দুদিনীয়া অসম ভ্রমণসূচীৰ আজি অন্তিম দিনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ অম্বিকাপুৰত সৰ্বমুঠ ২৩,৫৫২ কোটি টকাৰ তিনিটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্রকল্পৰ ভূমিপূজন কৰে। প্ৰধানমন্ত্ৰীৰ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰে। প্রধানমন্ত্রী মোদীয়ে আজি ২২,৮৬৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শিলচৰ হাইস্পিড কৰিড’ৰৰ ভূমিপূজন কৰে। মেঘালয়ৰ উমিয়ামৰ মাওলিংখুঙৰ পৰা শিলচৰৰ পাঁচগ্রামলৈ নিৰ্মাণ কৰিবলগীয়া ১৬৭কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো নিয়ন্ত্রিত প্রৱেশ ব্যৱস্থাসম্পন্ন গ্রীণফিল্ড চাৰিলেনযুক্ত হাইস্পিড কৰিড’ৰ। তদুপৰি তেওঁ ৫৬৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শিলচৰ টাউন উৰণ সেতু আৰু পাথাৰকান্দিত ১২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৃষি মহাবিদ্যালয়ৰো আজি ভূমিপূজন কৰে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ দিনটো বৰাক উপত্যকাৰ লগতে সমগ্র অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে। তেওঁ কয় যে মেঘালয়ৰ উমিয়ামৰ সমীপৱৰ্তী মাওলিংখুঙৰ পৰা শিলচৰৰ পাঁচগ্রামলৈ নির্মাণ হ’বলগীয়া কৰিড’ৰটোৱে গুৱাহাটী আৰু শিলচৰৰ মাজৰ দূৰত্ব বৰ্তমানৰ ২৯৫ কিলোমিটাৰৰ পৰা ২৫২ কিলোমিটাৰলৈ হ্ৰাস কৰিব। তদুপৰি, এই হাইস্পিড কৰিড’ৰটোৰ বাবে গুৱাহাটী আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় বৰ্তমানৰ চাৰেআঠ ঘণ্টাৰ পৰা পাঁচ ঘণ্টালৈ হ্রাস পাব। মুখ্যমন্ত্রীয়ে লগতে মন্তব্য কৰে যে এই পথটো নিৰ্মাণৰ বাবে কোনেও দাবী উত্থাপন কৰা নাছিল। কিন্তু শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ থকা বৰ্তমানৰ পথটোৰে প্ৰতিবছৰে বিভিন্ন কাৰনত সঘনে যোগাযোগ ব্যাহত হৈ পৰে বুলি অবগত হোৱাৰ পিছতে প্রধানমন্ত্রী মোদীয়ে এই নতুন হাইস্পিড কৰিড’ৰটো নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে। তেওঁ উল্লেখ কৰে যে অসমে মাত্ৰ এটা বছৰৰ ভিতৰতে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ শিলচৰ কৰিড’ৰৰ উপৰি প্ৰায় ৮ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ গুৱাহাটী বিং ৰোড, কাজিৰঙাত প্রায় ৬ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এলিভেটেড কৰিড’ৰ আৰু নুমলীগড়-গহপুৰ সংযোগ কৰি ব্ৰহ্মপুত্ৰ নৈৰ তলেৰে প্ৰায় ২০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া সুৰংগ পথ লাভ কৰিছে। অসমে পূৰ্বতে কেতিয়াও ইমান বৃহৎ প্রকল্প একেলগে লাভ কৰা নাছিল আৰু প্রধানমন্ত্রী মোদীৰ বাবেই এয়া সম্ভৱ হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে শিলচৰৰ পৰা শিলিগুৰিলৈ মাত্র ১০ ঘণ্টাতে যাতায়াত সম্ভৱ কৰি তোলাৰ দৃষ্টিৰে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটীলৈ এটা কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। ভাষণত মুখ্যমন্ত্রীয়ে প্ৰসংগক্রমে সদৰী কৰে যে ডলু বিমান বন্দৰ নিৰ্মাণৰ দিশতো পৰিৱেশ সম্বন্ধীয় অনুমতি ৰাজ্য চৰকাৰে লাভকৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে বিমান বন্দৰটোৰ নিৰ্মাণকাৰ্যও শীঘ্ৰে আৰম্ভ কৰা হ’ব। ভাষণত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে এসময়ত সমদৃষ্টি লাভ নকৰা বুলি বৰাক উপত্যকাবাসীৰ থকা আক্ষেপৰ অৱসান ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে বৰাক তথা ব্ৰহ্মপুত্র উপত্যকা, পাহাৰ-ভৈয়াম সকলো অঞ্চলকে সমদৃষ্টিৰে আগবঢ়াই নি উন্নয়ন আৰু বিকাশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁ উল্লেখ কৰে যে ৫৬৫ কোটি টকা ব্যয়েৰে শিলচৰৰ ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কেপিটেল পইণ্টৰ সমীপৰ ট্রাংক ৰোডৰ পৰা ৰংগিৰখাৰি পইণ্টলৈ উৰণ সেতুখন নির্মাণ হৈ উঠিলে শিলচৰ নগৰৰ দীৰ্ঘদিনীয়া যান-জটৰ সমস্যা লাঘৱ হৈ পৰিব। বৰাক উপত্যকাত নতুন চিকিৎসা মহাবিদ্যালয়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেচিয়েলিটি ব্লক নিৰ্মাণৰত অৱস্থাত আছে আৰু উপত্যকাটোৰ আন্তঃগাঁথনি উন্নয়নৰ প্রক্রিয়াক আগবঢ়াই নি শ্রীভূমি জিলাৰ পাথাৰকান্দিত কৃষি মহাবিদ্যালয় এখনো ১২২ কোটি টকা ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা হৈছে। অসম সচিবালয়, বৰাক উপত্যকাৰ আজি উদ্বোধন কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয় যে বৰ্তমানৰ সময়ছোৱা হৈছে অসমৰ বাবে স্বৰ্ণিম কাল। এই সময়ছোৱাতে ৰাজ্যত শান্তি স্থাপনৰ পৰা আৰম্ভ কৰি বিকাশ তথা ঔদ্যোগিকৰণৰ কাম-কাজেৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত এক বুনিয়াদ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়।

RELATED ARTICLES
Lucknow
few clouds
38 ° C
38 °
38 °
19 %
3.7kmh
12 %
Mon
38 °
Tue
43 °
Wed
45 °
Thu
45 °
Fri
46 °

Most Popular