40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰিপুন বৰাহ ধাৰাবাহিক বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান

ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰিপুন বৰাহ ধাৰাবাহিক বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান

ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰিপুন বৰাহ ধাৰাবাহিক বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান

দুৰ্নীতিৰ দৰ্পণ, ঠেলামৰা পৰা লোহিত স্বাৰ্গীয়াৰী প্ৰতিবেদন ৩১ মাৰ্চ: – ৬৬ নং বৰছলা বিধানসভা সমষ্টি অন্তৰ্গত ঠেলামৰা বাপুজি ভৱনত আজি কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰিপুন বৰায়ে কৰ্মবীৰ ভূমি বৰছলা”ক সৰ্বাংগীণভাৱে উন্নয়নৰ লক্ষ্যৰে উজ্জ্বল কৰাৰ উদ্দেশ্যে এই নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়৷ সভাত কংগ্ৰেছ দলৰ ঠেলামৰা ব্লক কংগ্ৰেছৰ সভানেত্ৰী চম্পা ব্ৰহ্ম সভাপতিত্ব পৰিচালন কৰা, বৰছলা সমষ্টিৰ যুৱ কংগ্ৰেছ সভাপতি দিব্যজুতি নাথ যুৱ কংগ্ৰেছৰ ব্লক সভাপতি আকাব্বৰ আলী, ওৱাচিম চেখ, লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলে উপস্থিত থাকে৷ সমষ্টিৰ উন্নয়ন, যুৱ সমাজৰ কৰ্মসংস্থান, কৃষি খণ্ডৰ উন্নতি আৰু মৌলিক সুবিধা সমূহ উন্নত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰিপুন বৰাহ কয় যে বৰছলা সমষ্টিক এক উন্নত আৰু সমৃদ্ধ অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে দলটোৱে প্ৰতিশ্ৰুতিবদ্ধ৷ ইয়াৰ উপৰিও, সভাত ৰাইজক আগন্তুক নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাতৰ চীনত ভোট দিবলৈ আহ্বান জনোৱা হয়৷ ৰাইজৰ সহযোগ আৰু সমৰ্থনেহে “কৰ্মবীৰ ভূমি বৰছলা”ক সৰ্বাংগীণভাৱে উজ্জ্বল কৰি তুলিব বুলি ৰিপুন বৰাহ মন্তব্য কৰে৷ আৰু সভাখনত স্থানীয় ৰাইজৰ যথেষ্ট সঁহাৰি দেখা যায়৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular