শোণিতপুৰ জিলা এবছুৰ উদ্যোগত আৰু ঠেলামৰা আঞ্চলিক এবছুৰ সহযোগত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৭০ সংখ্যক জন্মদিন পালন
দুৰ্নীতিৰ দৰ্পণ, ঠেলামৰা পৰা লোহিত স্বাৰ্গীয়াৰী প্ৰতিবেদন ৩১ মাৰ্চ: – শোণিতপুৰ জিলা এবছুৰ উদ্যোগত আৰু ঠেলামৰা আঞ্চলিক এবছুৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৭০সংখ্যক জন্মদিন পালন কৰা হয়৷ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বৰগাঁওস্থিত শ্বহীদ মনিৰাম একাডেমিত আয়োজিত অনুষ্ঠানত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷ কাৰ্যসূচী অনুসৰি প্ৰথমে এবছুৰ পতাকা উত্তোলন কৰে জিলা এবছুৰ সভাপতি ইউনুছ মুছাহাৰীয়ে৷ ইয়াৰ পিছতে বড়োফাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে এবছুৰ শ্বহীদ বেদিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়, য’ত বড়োফাৰ আদৰ্শ আৰু সংগঠন গঠনত তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয়৷ উল্লেখ্য যে, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো অসম চৰকাৰে “ছাত্ৰ দিৱস” হিচাপে পালন কৰি আহিছে৷ বড়ো জাতিৰ উত্তৰণ আৰু সংগঠিত চেতনা জাগ্ৰত কৰাত তেওঁৰ অৱদান বিশেষভাৱে স্মৰণীয়৷ এবছুৰ দৰে শক্তিশালী ছাত্ৰ সংগঠন গঠনৰ জৰিয়তে বড়ো জাতিক সকলো দিশতে আগুৱাই নিয়াৰ সপোন দেখিছিল বড়োফাই৷

