মই কথা কম কও কাম বেছি কৰো সেয়েহে কলিয়াবৰ বাসী ৰাইজে মোক ২০ বছৰ ধৰি বিধায়ক হিছাপে কাম কৰাৰ সুজুগ দিছে“ – কেশৱ মহন্ত
দুৰ্নীতিৰ দৰ্পন কলিয়াবৰঃ ২৯ মাৰ্চঃ মই কথা কম কও কিন্তু কাম বেছি কৰো সেই কাৰণে কলিয়াবৰৰ ৰাইজে মোক বিশ বছৰ ধৰি বিধায়ক হিচাপে নিৰ্বাচিত কৰি আহিছে৷ এখন নিৰ্বাছনি প্ৰচাৰ সভাত এনেদৰেই মন্তব্য কৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই৷ বড়ো সমাজৰ এখন নিৰ্বাচনী সভাত উপস্থিত হৈ ৰাইজক সম্বোধন কৰি কেশৱ মহন্তই কয় যে মই সমগ্ৰ কলিয়াবৰ বাসী ৰাইজৰ লগত সদায় আছোঁ আৰু বড়ো জনজাতি লোক সকলৰ প্ৰতিটো সমস্যাৰ সমাধানৰ লগত আগৰে পৰাই জড়িত আৰু আজিও তেখেত সকলৰ সমস্যা সমূহ সমাধানৰ বাবে গুৰুত্ব সহকাৰে লৈছোঁ৷ বড়ো সমাজৰ লোক সকলে আজি নিৰ্বাচনত ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা পুনৰ বাৰ যাতে বিধায়ক হিচাপে দায়িত্ব ভাৰ পাব পাৰে সেয়েহে সমূহ বড়ো ভাষী লোকে সমূহীয়া ভাবে আশীৰ্বাদ প্ৰদান কৰে৷ ৰাইজৰ মৰম আৰু আশীৰ্বাদ শিৰুদ্ধাৰ্য্য কৰি কয় যে, মই আশা কৰো মই ভৱিষ্যতলৈও এনেদৰেই ৰাইজৰ মৰম স্নেহৰ পৰা বঞ্চিত নহৈ এনেদৰেই যাতে ৰাইজৰ সহযোগিতা লাভ কৰি থাকো৷ উল্লেখ যে বিগত বিশ বছৰ ধৰি কেশৱ মহন্তই কলিয়াবৰৰ বিধায়কৰ আসনখন শুৱনি কৰি আহিছে৷ ১০ বছৰ কলিয়বৰৰ বিধায়ক হোৱাৰ লগতে ১০ টাকৈ বছৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈ আছিল৷ মন্ত্ৰী হৈ থাকোঁতে কলিয়াবৰৰ কেইবাটাও উন্নয়ন মুলক কাম সম্পুৰ্ণ কৰাৰ লগতে ৰাস্তা-ঘাটৰ লগতে সাধাৰণ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে৷ এই বাৰ কলিয়াবৰত চাৰি গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ বিশ বছৰৰ বিধায়ক কেশৱ মহন্তৰ বিৰুদ্ধে আছে ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ বৰুৱা, নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছে জিতেন জিৎ গৌড় আৰু জুতিষ্ক ৰঞ্জন গোশ্বামী৷ এই বাৰ যিহেতু কেশৱ মহন্তৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাই ইফালে ৰাইজৰ দলৰ কলিয়াবৰ বাসীৰ লগত ৰাইজৰ দলৰ কোনো সম্পৰ্ক নাই৷ যি দুজন নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়ছে কিন্তু ৰাইজে নিৰ্দলীয় ৰ পক্ষত থিয় দি একো লাভ নহ’ব বুলি মন্তব্য কৰে অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই৷

