30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমশ্ৰীৰামপুৰত ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হেমন্ত ছৰেনৰ নিৰ্বাচনী ৰণডংকা

শ্ৰীৰামপুৰত ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হেমন্ত ছৰেনৰ নিৰ্বাচনী ৰণডংকা

শ্ৰীৰামপুৰত ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হেমন্ত ছৰেনৰ নিৰ্বাচনী ৰণডংকা

আব্দুল মালেক আহমেদ, দুৰ্নীতিৰ দৰ্পণ গোসাইগাৱ ২৮ মাৰ্চ: অসম- বংগ সীমান্ত শ্ৰীৰামপুৰৰ হাৰাপুটা খেল পথাৰত ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ (জে এম এম)ৰ ১ নং গোসাইগাৱ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ফেডৰিকছন হাছদা আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ “জয় ভাৰত পাৰ্টি“ৰ প্ৰাৰ্থী তেহাৰো ঘোহৰ হৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যে ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী হেমন্ত চৰেন পাচ হাজাৰৰো অধিক জনগনৰ উপস্থিতজন সভাত ৰাইজৰ উদ্দেশ্য নিজৰ বক্তব্য প্ৰধান কৰে৷ জে, এম, এম আৰু জয় ভাৰত পাৰ্টী দুয়োটা দলেই বন্ধুত্ব মূলক ভাবে নিৰ্বাচনত অবতীৰ্ণ হৈছে৷ বিজেপি, বিপিএফ আৰু কংগ্ৰেছৰ উদ্দেশ্য তূলাধুনা দিয়ে মুখ্যমন্ত্ৰী হেমন্ত সৰেনে৷ অসম গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে আদিবাসীৰ৷ ঝাৰখণ্ডত ডাক্তৰ, ইঞ্জিনিয়াৰ, সাংবাদিকতা পঢ়িলে সকলো খৰচ ঝাৰখণ্ডৰ চৰকাৰ বহন কৰে৷ অসমৰ আদিবাসীৰ উন্নয়ন আৰু অধিকাৰ ৰক্ষা কৰাৰ লক্ষ্যৰে প্ৰথম বাৰৰ বাবে আহি উপস্থিত হয় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সৰেনে৷ জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মাৰ্চ এই দুয়োটা দলেই অসমত পৰিবৰ্তন আনিব বুলি দাবী কৰে জয় ভাৰত পাৰ্টিৰ ৰাজ্যিক সভাপতি তথা ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তেহাৰো ঘোহৰ৷

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular