শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত গৰমচুংৰ ভোৰতাল বাদক ৭২ বছৰীয়া বিজয় শইকীয়া
ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, হাজো, ১৭ মাৰ্চ: কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত গৰমচূং গাঁৱৰ নিবাসী তথা নাগাৰা নামৰ ভোৰতাল শিল্পী বিজয় শইকীয়া আজিও শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আহিছে৷ প্ৰায় ৭২ বছৰীয়া বিজয় শইকীয়া কৃষি কাৰ্য কৰি পৰিয়াল পোহপাল দি আহিছে যদিও লৰালি কালৰ পৰা বৰ্তমানলৈকে নাগাৰা নামৰ লগত জড়িত হৈ আছে৷ এই গৰাকী শিল্পীয়ে আজিও নাপালে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা শিল্পী পেঞ্চন৷ লৰালি কালত পিতৃ তথা পাঠক বৰপুল্লা গাঁৱৰ নিবাসী প্ৰয়াত ধনীৰাম শইকীয়াৰ লগত নাগাৰা নামৰ পালি হিচাপে অংশগ্ৰহণ কৰি আহিছিল৷ ৮০/৯০ দশকৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক প্ৰয়াত কুশল মালাকৰৰ লগত অসমৰ বিভিন্ন প্ৰান্তত ভোৰতাল বজাই নামপ্ৰেমী ৰাইজক বাৰুকৈয়ে আপ্লুত কৰিছিল৷ বৰপুল্লাত জন্মগ্ৰহণ কৰি পিছলৈ গৰমচু্ গাঁৱত স্থায়ীভাৱে বসবাস কৰা বিজেপি কৰ্মী, অতি মৃদু স্বভাৱৰ আদৰ্শবান খেতিয়ক তথা নাগাৰা নামৰ ভোৰতাল শিল্পী গৰাকী বৰ্তমান ত্ৰিদেৱ কৃষ্টি চৰ্চা আঞ্চলিক নাগাৰা নাম দলৰ জনপ্ৰিয় পাঠক দিপেন কলিতাৰ দলত ভোৰতাল বাদক হিচাবে নিষ্ঠা সহকাৰে কাম কৰি আছে৷ এনেহেন গৰাকী শিল্পীয়ে আজিলৈকে অসম চৰকাৰে সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা শিল্পী পেঞ্চন লাভ নকৰাত বৃহত্তৰ পশ্চিম বড়িগোগ অঞ্চলৰ সচেতন মহলে উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ বৃহত্তৰ ৰাইজে শিল্পী গৰাকীক শিল্পী পেঞ্চন প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷
শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত গৰমচুংৰ ভোৰতাল বাদক ৭২ বছৰীয়া বিজয় শইকীয়া
Lucknow
overcast clouds
43.2
°
C
43.2
°
43.2
°
19 %
5.8kmh
88 %
Sun
43
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

