40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমমৰিগাঁও প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ অনন্য পদক্ষেপ: দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰি আকাশী...

মৰিগাঁও প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ অনন্য পদক্ষেপ: দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰি আকাশী গংগাত মুক্ত

মৰিগাঁও প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ অনন্য পদক্ষেপ: দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰি আকাশী গংগাত মুক্ত
দুৰ্নীতিৰ দৰ্পন , মৰিগাঁও ১৭ মাৰ্চ: প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়। জানিব পৰা মতে, প্ৰকৃতিপ্ৰেমী ৰতন মেধিৰ নেতৃত্বত চনুৱাবড়ী ৰেল ষ্টেচনৰ সমীপৰ পৰা এই দুষ্প্ৰাপ্য কাছৰ পোৱালিটো উদ্ধাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰকৃতিপ্ৰেমী মঞ্চৰ সদস্যসকলে কাছটোৰ সুৰক্ষাৰ স্বাৰ্থত আৰু ইয়াক উপযুক্ত পৰিৱেশত বসবাস কৰিবলৈ দিয়াৰ উদ্দেশ্যে শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশী গংগাত মেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰকৃতিপ্ৰেমী মঞ্চৰ এজন বিষয়ববীয়াই কয় যে, সংগঠনটোৱে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ কাম কৰি আহিছে। কেৱল কাছই নহয়, বিভিন্ন সময়ত উদ্ধাৰ কৰা সৰ্পজাতীয় প্ৰাণীসমূহকো তেওঁলোকে উপযুক্ত জলাশয় বা আৰ্দ্ৰভূমিত মুক্ত কৰি দিছে। ইয়াৰ উপৰিও পক্ষীকুলৰ বংশ বৃদ্ধিৰ বাবে বিভিন্ন গছত কৃত্ৰিম চৰাই বাহ নিৰ্মাণ কৰি এক আদৰ্শ দাঙি ধৰিছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংগঠনটোৱে ৰাইজক বৃক্ষৰোপণৰ প্ৰতিও আহ্বান জনায়। তেওঁলোকৰ মতে, “গছে দিয়ে শীতল ছাঁ, আৰু দিয়ে সুবিমল বা”। সেয়েহে পৃথিৱীখন বাসযোগ্য কৰি ৰাখিবলৈ হ’লে প্ৰতিগৰাকী ব্যক্তিয়ে অন্তত এটাকৈ হ’লেও গছপুলি ৰোপণ কৰা উচিত। নতুন প্ৰজন্মক প্ৰকৃতিৰ প্ৰতি মৰমীয়াল আৰু সচেতন কৰি তোলাটোৱেই সংগঠনটোৰ অন্যতম লক্ষ্য। আজিৰ এই কাৰ্যসূচীত ৰতন মেধিৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও সক্ৰিয় সদস্য উপস্থিত থাকে। তেওঁলোকৰ এই প্ৰশংসনীয় পদক্ষেপে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular