30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমৰিগাঁৱত ৬০৬ টা খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু অনুষ্ঠান প্রতিষ্ঠানলৈ ভূমি পট্টা

মৰিগাঁৱত ৬০৬ টা খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু অনুষ্ঠান প্রতিষ্ঠানলৈ ভূমি পট্টা

মৰিগাঁৱত ৬০৬ টা খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু অনুষ্ঠান প্রতিষ্ঠানলৈ ভূমি পট্টা

যোগ্য কোনো খিলঞ্জীয়া পৰিয়াল ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় :: জিলা আয়ুক্ত

মৰিগাঁও, ২৭ ফেব্ৰুৱাৰী :: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি মৰিগাঁও জিলাৰো তিনিওটা বিধানসভা সমষ্টিৰ খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু অনুষ্ঠান প্রতিষ্ঠানসমূহৰ সুৰক্ষিত ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ডিজিটেল পট্টা, আবণ্টন/বন্দৱস্তিৰ পত্ৰ আৰু আবণ্টন/বন্দৱস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰা হয়। জিলাখনত ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানক আজি ৬০৬ খন আবণ্টন/বন্দৱস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰে খাছ মাটিত ২৫১ খন আৰু অনুষ্ঠান প্ৰতিষ্ঠানক ৩৫৫ খন পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হয়। মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে মৰিগাঁও নগৰৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাকক্ষত অনুষ্ঠিত পট্টা প্ৰদানৰ অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ জিলা আয়ুক্তগৰাকীয়ে কয় যে চৰকাৰৰ এই পদক্ষেপে খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহৰ বাবে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিলে। তেওঁ কয় যে আজি পট্টা লাভ কৰা প্ৰতিটো পৰিয়ালৰ বাবে এটা ঐতিহাসিক দিন। যোগ্য কোনো খিলঞ্জীয়া পৰিয়াল ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনে দিবা নৈশ প্ৰয়াস অব্যাহত ৰাখিছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মাই কয় যে বসুন্ধৰা ১ আৰু বসুন্ধৰা ২.০ৰ সফল সমাপ্তিৰ পিছত চৰকাৰে ২০২৪ চনৰ অক্টোবৰ মাহত বসুন্ধৰা ৩.০ আৰম্ভ কৰিছিল। তেওঁ মৰিগাঁও জিলাৰ পট্টা লাভ কৰা পৰিয়াল আৰু অনুষ্ঠান প্ৰতিষ্ঠানসমূহক নিৰ্ধাৰিত নিয়মসমূহ মানি চলি আগবাঢ়িবলৈ আহ্বান জনায়। তেওঁ কয় যে আজি মৰিগাঁও সমষ্টিৰ ৬৯ জন, জাগীৰোড সমষ্টিৰ ১৭৮ জন আৰু লাহৰীঘাট সমষ্টিৰ ৪জন হিতাধিকাৰীয়ে খাছ মাটিৰ ডিজিটেল পট্টা লাভ কৰিছে। আনহাতে মৰিগাঁও সমষ্টিৰ ১২৬, জাগীৰোড সমষ্টিৰ ১৬৯ আৰু লাহৰীঘাট সমষ্টিৰ ৬০ টা অনুষ্ঠান প্ৰতিষ্ঠানে ডিজিটেল পট্টা লাভ কৰে। অনুষ্ঠানৰ অংশৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা ধেমাজি জিলাৰ দেউৰী বিলত অনুষ্ঠিত পট্টা বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল আৰু পট্টা গ্ৰহণৰ বাবে অহা হিতাধিকাৰীসকল উপস্থিত আছিল।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular