30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeআঞ্চলিকঅসমৰ মীন পালক সকললৈ আহিল সুখবৰ , অন্ধ্ৰ প্ৰদেশৰ দৰে অসমৰ ক্ষুদ্ৰ...

অসমৰ মীন পালক সকললৈ আহিল সুখবৰ , অন্ধ্ৰ প্ৰদেশৰ দৰে অসমৰ ক্ষুদ্ৰ মীন পালকেও চলাব বিলাসী বাহন , জাগী ভকতগাঁৱত আৰম্ভ হ’ল অসমৰ প্ৰথমটো পৰীক্ষামূলক ‘ফিজিটেল’ পাইলট প্ৰকল্প

অসমৰ মীন পালক সকললৈ আহিল সুখবৰ , অন্ধ্ৰ প্ৰদেশৰ দৰে অসমৰ ক্ষুদ্ৰ মীন পালকেও চলাব বিলাসী বাহন , জাগী ভকতগাঁৱত আৰম্ভ হ’ল অসমৰ প্ৰথমটো পৰীক্ষামূলক ‘ফিজিটেল’ পাইলট প্ৰকল্প

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৫ ফেব্ৰুৱাৰী:- দেশৰ বিত্তীয় উন্নয়নত অধিক সম্ভাৱনা থকা মীন ক্ষেত্ৰখনৰ সৈতে জড়িত মৎস্য পালক সকললৈ আহিল সুখবৰ। ভাৰতবৰ্ষতে নহয় অসমত পোন প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাৰ জাগী ভকতগাঁৱত ‘বাইঅ’যাত্ৰা’ নামৰ সংস্থাটোৰ উদ্যোগত পৰীক্ষামূলক এটা পাইলট প্ৰকল্পৰ প্ৰশিক্ষণ আজিৰে পৰা আৰম্ভ হয়। য’ত ১০০ গৰাকী মীন পালকক ভৌতিক আৰু ক্ষেত্ৰভিত্তিক দিশৰ সৈতে চিনাকি কৰাই ডিজিটেল আৰু আধুনিক প্ৰযুক্তিৰে সংকৰ পদ্ধতিত মীন পালনৰ প্ৰশিক্ষণ দিয়া হয়। মীন পালকসকলে যাতে আধুনিক উদ্ভাৱনী প্ৰযুক্তিৰ দ্বাৰা আৰ্থিকভাৱে লাভান্বিত হ’ব পাৰে সেই লক্ষ্যৰে বাইঅ’যাত্ৰাৰ অন্তৰ্গত ‘জলয়ান’ এ নিৰ্মাণ কৰা ‘ফিজিটেল’ ( ফিজিটেল + ডিজিটেল) মঞ্চখনৰ সৈতে, কৃষি বিজ্ঞান কেন্দ্ৰ, সমবায় আৰু নাবাৰ্ডৰ দৰে বিভাগসমূহ জড়িত আছে বুলি জানিবলৈ দিয়ে ‘বাইঅ’যাত্ৰা’ ৰ বিষয়া জয়াতু ভূঞাই । অন্ধ্ৰ প্ৰদেশৰ দৰেই অসমৰ কৃষক সকলেও কিয় বিলাসী বাহন ক্ৰয় কৰিব নোৱাৰে, বজাৰ দখলত কোন বোৰ বিষয়ত অসম পিছ পৰি আছে – এনেবোৰ বিষয়ত ব্যাখ্যা ডাঙি ধৰে আই আই টি গুৱাহাটীৰ বিষয়া সোভাশীষ দত্তই। উল্লেখ্য যে জাগীৰোডৰ মায়ং উন্নয়ন খণ্ডৰ চম্পাৱতী মীন পালন সমবায় সমিতি লিমিটেডৰ ১০০ গৰাকী উদ্যমী মহিলাক নিৰ্বাচন কৰি আৰম্ভ কৰা হৈছে এই পাইলট প্ৰকল্প। এই পৰীক্ষামূলক ১৮ মহীয়া প্ৰশিক্ষণৰ অন্তত ৰাজ্য তথা দেশৰ মীন ক্ষেত্ৰখনলৈ আমূল পৰিৱৰ্তন আহিব বুলি সম্ভাৱনা ব্যক্ত কৰে বিষয়া সকলে। জাগী ভকতগাঁও সমুহীয়া ভৱনত আয়োজিত এই অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য মহা প্ৰৱন্ধক লোকেন দাস, নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সবিতা ডেকা, কৃষি বীমা সংস্থাৰ বিষয়া কুমাৰ মিল্টন, মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিষয়া ৰিজুস্মিতা শৰ্মা ডেকা, সহকাৰী সমবায় পঞ্জীয়ক পৰিদৰ্শক পুতুকণ বৰদলৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে ২০১৯ চনতে গঠন হোৱা চম্পাৱতী মীন পালন সমবায় সমিতি লিমিটেডৰ অধ্যক্ষ অধ্যক্ষ নিৰ্মালী ডেকা আৰু সম্পাদক কৃষ্ণা ডেকা সমন্বিতে সমিতিখনে এনে এটা সুন্দৰ সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰে। জাগীৰোড সমষ্টিৰ জাগী ভকতগাঁও, বাঘজাপ, মনহা, ডোঙাবৰী, ঘগুৱা, জাৰগাঁও আদি ছটা পঞ্চায়তৰ প্ৰায় দুহাজাৰ গৰাকী সাধাৰণ সদস্যৰ ভিতৰত ৮২০ গৰাকী অংশীদাৰী সদস্য সমবায় খনত আছে বুলি জানিবলৈ দিয়ে ‌সম্পাদক কৃষ্ণা ডেকাই। উল্লেখ্য যে মীন পালনৰ লগতে আন আন ক্ষেত্ৰতো মহিলা সকলক উদ্যোগী কৰি গঢ়ি তুলিবলৈ সমবায় খনে নিৰন্তৰ কাম-কাজ ৰূপায়ণ কৰি অহা পৰিলক্ষিত হৈছে।

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular