গোসাঁইগাঁৱত বিপিএফৰ বৃহৎ ৰেলী
দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ২৫ ফেব্ৰুৱাৰী: নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰতি সংগতি ৰাখি আজিৰে পৰা বিপিএফ দলে গোটেই বিটিচিত জিলা ভিত্তিত আৰম্ভ কৰিছে বৃহৎ ৰেলী আৰু জনসভা।সেই উদ্দেশ্যৰে আজি বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা সাপট দলঙৰ সমীপত এক বৃহৎ ৰেলীৰ লগতে এক জনসভা অনুষ্ঠিত কৰে। অনুষ্ঠিত বৃহৎ জন সমাৰোহত বিপিএফৰ মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী উপস্থিত থাকে।বিপিএফৰ মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ভাষণত কয় যে চৰকাৰ গঠন কৰাৰ মাত্ৰ চাৰি মাহ হৈছে। ইতিমধ্যে বহুত কেইটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গোসাঁইগাঁৱত ইতিমধ্যে ৩৪ কোটি টকাৰ শীতল ঘৰৰ আধাৰশিলা স্থাপন কৰিছোঁ। আজিৰ পৰা গোটেই বিটিচিত বিপিএফৰ পাঁচ গেৰাণ্টী আঁচনিৰ চেক বিতৰণ আৰম্ভ কৰা হৈছে।ইউপিপিএলে টিকট লৈ বহি আছে। কাৰ ওচৰত টিকট বিক্ৰী কৰিব তাকে ভাবি আছে। কাৰণ ইউপিপিএলৰ টিকট লবলৈ মানুহ নাই। বিধান সভা নিৰ্বাচনৰ পিছত ইউপিপিএল দল নাথাকিব।ৰাইজে আমাক বহুত সহায় জনাইছে। ৰাইজে আমাক বহুত মৰম কৰিছে। আমি ৰাইজক পাহৰি নাযাও। আমাৰো দায়িত্ব আছে ৰাইজে আমাৰ পৰা যি বিচাৰিছে আমি দিম। আমি ৰাইজক যি যি প্ৰতিশ্ৰুতি দিছোঁ সেইবোৰ দিম। আমি পাঁচ গেৰাণ্টী দিব বিচাৰিছো, আমি মাটিৰ পট্টা দিব বিচাৰিছোঁ আৰু আমি দিম। বিদ্যালয়ৰ যি যি উন্নয়ন কৰিব লগে, আমি সকলো কাম কৰিম।বিপিএফে ১০ – ১৫ বছৰ শাসনত থাকিব।আমি মাত্ৰ দায়িত্ব লৈছোঁ। আমি সকলো কৰিম। সময় আছে, আমাক সময় খিনি দিয়ক।বিজেপি চৰকাৰে আমাক ১০০০ কোটি দিব। আমি এই টকা দি গোসাঁইগাঁৱত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিম। আমি ৰাইমনাত ভূটান সংযোগী সোণকোষ দলং বনাম। গোসাঁইগাঁও চাৰিআলিত ফ্লাই অভাৰ বনাম। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখৰ পূৰ্বৰে পৰা যিসকলে বসবাস কৰি আছে, সকলোৱে বৈধ নাগৰিক। আমি এছ.আৰ বন্ধ কৰি দিছোঁ এনে ধৰণৰ কেইবাটাও মন্তব্য কৰে।
গোসাঁইগাঁৱত বিপিএফৰ বৃহৎ ৰেলী
Lucknow
broken clouds
30
°
C
30
°
30
°
89 %
2.6kmh
61 %
Fri
36
°
Sat
36
°
Sun
32
°
Mon
33
°
Tue
36
°

