37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeআঞ্চলিকমৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। 

সাংস্কৃতিক শোভাযাত্ৰা আৰু স্মৃতিগ্ৰন্থ ‘থালাৰ’ উন্মোচনেৰে মুখৰিত মৰিগাঁও।

দুৰ্নীতিৰ দৰ্পণ সেৱা, ধিং,২৫ ফেব্ৰুৱাৰী-

 জাতীয় চেতনা আৰু ভাতৃত্ববোধৰ মাজেৰে মৰিগাঁও চহৰত অতি উলহ-মালহেৰে উদযাপন কৰা হয় সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই বৰ্ণিল অনুষ্ঠানত তিৱা জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ এক বিৰল প্ৰতিচ্ছবি প্ৰতিফলিত হয়।

কাৰ্যসূচী অনুসৰি, পুৱা ভাগত সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সন্থাৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি প্ৰশান্ত মছৰঙে। ইয়াৰ পিছতে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী পৰিচালনা কৰে সন্থাৰ সাধাৰণ সম্পাদক তৰুণ মাৰ্ডাৰে।

দিনৰ ভাগত মৰিগাঁও চহৰৰ মাজেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই। দুই শতাধিক ছাত্ৰ কৰ্মীৰ লগতে বিভিন্ন সাংস্কৃতিক দলে নিজ নিজ পৰম্পৰাগত সাজ-পাৰ আৰু বাদ্যযন্ত্ৰৰে শোভাযাত্ৰাটো জিলিকাই তোলে।

দুপৰীয়া ১২ বজাৰ পৰা মৰিগাঁও বিহুতলিত এক গাম্ভীৰ্যপূৰ্ণ মুকলি সভা অনুষ্ঠিত হয়। সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মছৰংৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনি উদ্বোধন কৰে প্ৰাক্তন সভাপতি তথা তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে। অভ্যৰ্থনা সমিতিৰ সভাপতি বাবুল বৰাই উপস্থিত সকলোকে আদৰণি ভাষণ প্ৰদান কৰে।

উক্ত সভাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘থালাৰ’ নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা ভীমবৰ বঁটা প্ৰাপক মিলেশ্বৰ পাটৰে।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। তেওঁ ভাষণ প্ৰসংগত তিৱা জনগোষ্ঠীৰ লোকসকলক শিক্ষা, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰত অধিক সজাগ আৰু অগ্ৰগামী হ’বলৈ আহ্বান জনায়।

সভাত সন্মানীয় অতিথি হিচাপে তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, মনোনীত সদস্য অজিত ডেকা, উপদেষ্টা ৰিমল আমছিৰ লগতে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ হাজং আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ ড° সুভাষ ৰাভা উপস্থিত থাকে। ইয়াৰ উপৰি মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি অজিত শৰ্মা, জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মাধুৰ্য্য ময়ুৰ বৰা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰৰ উপস্থিতিয়ে সভাখনৰ মৰ্যাদা বৃদ্ধি কৰে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular