40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeৰাষ্ট্ৰীয়কেবিনেটে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৯২ কিমি বৃদ্ধিৰে পশ্চিম বংগ আৰু...

কেবিনেটে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৯২ কিমি বৃদ্ধিৰে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ ৫ জিলাক সামৰি দুটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনায় , মুঠ আনুমানিক ৪,৪৭৪ কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহ ২০৩০-৩১ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব

কেবিনেটে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৯২ কিমি বৃদ্ধিৰে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ ৫ জিলাক সামৰি দুটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনায় , মুঠ আনুমানিক ৪,৪৭৪ কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহ ২০৩০-৩১ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব
নতুন দিল্লী,পিএন চি ,১০ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে আজি মুঠ ৪,৪৭৪ কোটি টকা (প্ৰায়) ব্যয় সাপেক্ষে ৰেল মন্ত্ৰালয়ৰ ০২ (দুটা) প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ চেন্টিয়া – পকুৰ ৪ৰ্থ লাইন সন্ত্রগাছি – খড়গপুৰ ৪র্থ লাইন , এই বৰ্ধিত লাইন ক্ষমতাই ম’বিলিটি যথেষ্ট বৃদ্ধি কৰিব। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় ৰেলৱেৰ কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ অগ্ৰগতি সাধন হ’ব। উক্ত মাল্টি-ট্ৰেকিং প্ৰস্তাৱসমূহে অপাৰেচন সুশৃংখলিত কৰাৰ লগতে যানজঁট দূৰ কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ এখনি নব্য ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ। প্ৰকল্পসমূহে অঞ্চলটোৰ জনসাধাৰণক অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ যোগেদি “আত্মনিৰ্ভৰ” কৰি তুলিব। ইয়াৰ জৰিয়তে তেওঁলোকৰ নিয়োগ/ স্ব-নিয়োজনৰ সুযোগ বৃদ্ধি পাব। সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ আধাৰত প্ৰকল্পসমূহৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ আহ-যাহ তথা সৰবৰাহৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ ০৫ খন জিলাক সামৰি লোৱা এই ০২ (দুটা) প্ৰকল্পৰ জৰিয়তে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৯২ কিমি বৃদ্ধি পাব। অনুমোদিত মাল্টি-ট্ৰেকিং প্ৰকল্পটোৱে প্ৰায় ৫,৬৫২ খন গাঁৱলৈ যোগাযোগ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। ইয়াৰ জনসংখ্যা প্ৰায় ১৪৭ লাখ। প্ৰস্তাৱিত সামৰ্থ্য বৃদ্ধিৰ জৰিয়তে সমগ্ৰ দেশৰ কেইবাখনো বিশিষ্ট পৰ্যটনস্থলীলৈ ৰেল সংযোগৰ অগ্ৰগতি সাধন হ’ব। ইয়াৰ ভিতৰত আছে বলপুৰ-শান্তিনিকেতন, নন্দীকেশ্বৰী মন্দিৰ (শক্তিপীঠ), তাৰাপীঠ (শক্তিপীঠ), পটচিত্ৰ গ্ৰাম, ধড়িকা বনাঞ্চল, ভীমবন্ধ বন্যপ্ৰাণী অভয়াৰণ্য, ৰামেশ্বৰ কুণ্ড ইত্যাদি। অনুমোদিত প্ৰকল্পসমূহ হৈছে কয়লা, শিল, ডলমাইট, চিমেন্ট, শ্লাগ, জিপচাম, লোহা আৰু তীখা, খাদ্যশস্য, পিঅ’এল, কন্টেইনাৰ আদি সামগ্ৰী সৰবৰাহৰ বাবে অপৰিহাৰ্য্য পথ। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ৩১ এমটিপিএ (বছৰি নিযুত টন) পৰিসৰৰ অতিৰিক্ত মালবাহী সৰবৰাহ সম্ভৱ হ’ব। ৰেলৱে পৰিবেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ বাবে প্ৰকল্পৰাজিয়ে দেশৰ জলবায়ুৰ লক্ষ্যত উপনীত হোৱা আৰু লজিষ্টিক ব্যয় হ্ৰাস কৰা উভয়তে সহায় কৰিব। একেদৰে তেলৰ আমদানি হ্ৰাস (০৬ কোটি লিটাৰ) কৰিব আৰু নিম্ন কাৰ্বন ডাই-অক্সাইড (CO2) নিৰ্গমন (২৮ কোটি কিগ্ৰা) নিশ্চিত কৰিব, যি ০১ (এক) কোটি গছপুলি ৰোপণৰ সমতুল্য।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular