আমলখিত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান; দুই জুৱাৰী আটক, বাহনসহ সামগ্ৰী জব্দ।*
নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত আমলখিত আজি সন্ধিয়া জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান চলায়। ডি এছ পি দ্বীপ সিনহাৰ নেতৃত্বত চলোৱা এই অভিযানত বটদ্ৰৱা আৰক্ষীৰ লগতে আহোম গাঁও আৰক্ষী পহৰা চকীৰ দলে সহযোগিতা আগবঢ়ায়।
অভিযানকালীন সময়ত আৰক্ষীয়ে কদমণিৰ আবুল নচৰ আৰু হাইডুবিৰ আব্দুল ৰেজ্জাকক জুৱা খেলি থকা অৱস্থাত আটক কৰে। ঘটনাস্থলীৰ পৰা এখন AS01EH 2176 নম্বৰৰ চাৰিচকীয়া বাহন আৰু AS02 AH 3029 নম্বৰৰ এখন স্কুটি জব্দ কৰা হয়। ইয়াৰ লগতে দহ খন তাছ পাতৰ পেকেটসহ জুৱা খেলৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে পূৰ্বতেও উক্ত স্থানত আৰক্ষীয়ে জুৱাৰ ঘাটি উৎখাত কৰিছিল যদিও জুৱাৰ ঘাটি পতা মুকুট নামৰ অভিযুক্ত ব্যক্তি পলাই যাবলৈ সক্ষম হয়।
আৰক্ষীয়ে অধিক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

