29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন; “প্ৰত্যায়ন “ এ লাভ কৰিলে...

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন; “প্ৰত্যায়ন “ এ লাভ কৰিলে শ্ৰেষ্ঠ প্ৰত্ৰিকাৰ স্থান

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন; “প্ৰত্যায়ন “ এ লাভ কৰিলে শ্ৰেষ্ঠ প্ৰত্ৰিকাৰ স্থান

বিকাশ শইকীয়া, মাজুলী: ২৬ ফেব্ৰুৱাৰী: মাজুলী সাংস্কৃতিক বিশ্ববিদ‍্যালয়ৰ চতুৰ্থ বাৰ্ষিক খেল সপ্তাহৰ আজিৰ বিশেষ দিনটোত বিশ্ববিদ্যালয়ত প্ৰথমবাৰলৈ বিভাগীয় ৰূপে তিনিখনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন সম্পন্ন হয়৷ ক্ৰমে অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰত‍্যায়ন’ উন্মোচন কৰে মাজুলীৰ সাহিত‍্যৰ সভাপতি কমল দত্তই, পৰিৱেশ‍্য কলা বিভাগৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অৱসৰী প্ৰধান শিক্ষয়িত্ৰী ৰেনুমালা দত্তই আৰু হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অক্ষয় নাথে বুৰঞ্জী বিভাগৰ প্ৰাচীৰ পত্ৰিকা ‘লোকায়ত’ উন্মোচন কৰে৷ পত্ৰিকাসমূহ উন্মোচনৰ লগতে উন্মোচকসকলে বিচাৰকৰ ভূমিকাও পালন কৰে৷ পাপৰি চুতীয়াৰ সম্পাদিত অসমীয়া বিভাগৰ প্ৰাচীৰ পত্ৰিকা “ প্ৰত্যায়ন“ এ শ্ৰেষ্ঠ প্ৰত্ৰিকাৰ স্থান লাভ কৰাৰ বিপৰীতে মমী বৰুৱাৰ সম্পাদিত বুৰঞ্জী বিভাগৰ “ লোকায়ত“ এ দ্বিতীয় আৰু কস্তুৰী মহন্তৰ সম্পাদিত পৰিৱেশ্য কলা বিভাগৰ“ চিফুং“ এ তৃতীয় স্থান লাভ কৰে৷ অনুষ্ঠানৰ প্ৰাৰম্ভতে এটি গছপুলি ৰোপণ কৰে ৰেনুমালা দত্তই৷ মহাৰাষ্ট্ৰৰ এগৰাকী গৱেষক — এই অনুষ্ঠানত উপস্থিত আছিল৷ গছপুলি ৰোপণৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যে কৰি ৰোপক ৰেনুমালা দত্তই দু-আষাৰ বক্তব্যত কেতিয়া আৰু কেনেদৰে মাজুলীত এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজনতাৰ প্ৰথম ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ হৈছিল সেই কথা উল্লেখ কৰি, ইয়াৰ অন্তৰালত আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়, সেই বিদ্যালয়ৰ প্ৰধান প্ৰশান্ত দোলাকাষৰীয়া, সেইসময়ৰ ই এ চি অনিল দাস আৰু কমল দত্তৰ ভূমিকাৰ বিষয়ে বক্তব্য প্ৰদান কৰে৷ ছাত্ৰ পৰিক্ৰমা বিষয়া ডক্টৰ ভাস্কৰজ‍্যোতি বৰুৱাই অতিথি সকলক আদৰণি জনাই দিয়া ভাষণত মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সপোন দেখা আৰু বাতৰি কাকতৰ যোগে জনমত গঠন কৰা কমল দত্তক বিশেষভাৱে কৃতজ্ঞতা জনায়৷ উন্মোচনী সভাত কেউগৰাকী সম্পাদিকাৰ লগতে ছাত্ৰ সংসদৰ সম্পাদক বিজিৎ গগৈয়ে উন্মোচক সকলক আদৰণি জনায়৷ বিশ্ববিদ্যালয় আভ‍্যন্তৰীণ মান নিৰূপন কোষৰ ডেপুটি ডাইৰেক্টৰ তথা অসমীয়া বিভাগৰ মুৰব্বী অধ‍্যাপক ডক্টৰ উৎপল নাৰায়ণ গোস্বামী আৰু শিক্ষক-শিক্ষয়িত্ৰী আৰু বিষয়া-কৰ্মচাৰীসকল এই অনুষ্ঠানত উপস্থিত থাকে৷ বিশ্ববিদ‍্যালয়খনত আজি ভেশচন প্ৰতিযোগিতাকে আৰম্ভ কৰি আন কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular