38.1 C
New Delhi
Saturday, April 18, 2026
spot_img
Homeআঞ্চলিকঅবসৰী শিক্ষক গণেশ চন্দ্ৰ ঠাকুৰীয়াৰ প্ৰথম  বাৰ্ষিক মৃত্যু তিথি উদযাপন

অবসৰী শিক্ষক গণেশ চন্দ্ৰ ঠাকুৰীয়াৰ প্ৰথম  বাৰ্ষিক মৃত্যু তিথি উদযাপন

অবসৰী শিক্ষক গণেশ চন্দ্ৰ ঠাকুৰীয়াৰ প্ৰথম  বাৰ্ষিক মৃত্যু তিথি উদযাপন

■ব্যক্তিত্বৰ সুবাস গণেশ চন্দ্ৰ ঠাকুৰীয়া শীৰ্ষক গ্ৰন্থ উম্মোচন

ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো,২৮ফেব্ৰুৱাৰী: ৰামদিয়া জ্ঞানোদয় শতদল সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়ালৰ আতিথ্যত আজি গণেশ চন্দ্ৰ ঠাকুৰীয়াৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথিৰ লগত সংগতি ৰাখি গ্ৰন্থ উম্মোচনী আৰু স্মৃতিচাৰণ সভা এখনি অনুষ্ঠিত হৈ যায়।এই অনুষ্ঠানত প্ৰয়াত গণেশ চন্দ্ৰ ঠাকুৰীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,পুস্পাঞ্জলী অৰ্পণ কৰে সহধৰ্মীনী দৈৱকী ঠাকুৰীয়াই।সভাত “ব্যক্তিত্বৰ সুবাস গণেশ চন্দ্ৰ ঠাকুৰীয়া” শীৰ্ষক এখনি গ্ৰন্থ উম্মোচন কৰা হয়।এই গ্ৰন্থ খনি উম্মোচন কৰে অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব তথা সাহিত্যিক থানেশ্বৰ মালাকাৰে। উম্মোচনী ভাষণত তেওঁ কয় যে গুৰুস্থানীয় সকলক শ্ৰদ্ধা ভক্তি কৰাটোৰ মাজতো এক আদৰ্শ নিহত থাকে।পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক হৈছে শ্ৰীকৃষ্ণ।অৰ্জুন হৈছে সৰ্ব শ্ৰেষ্ঠ ছাত্র।শিক্ষাৰ্থীৰ সাফল্যই শিক্ষকক  দিয়া আনন্দ অতুলনীয় হৈ পৰে। প্ৰসংগক্ৰমে তেওঁ কয় যশোদাই কৃষ্ণক লালিত পালিত কৰি ভগৱান কৰি তুলিছিল।সভাত সাংস্কৃতিক  আলোছনীৰ দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই কয় জীৱন চৰিত প্ৰণয়ন কৰাটো সমাজ খনৰ বাবে এক ইতিবাচক দিশ জড়িত হৈ থাকে।এই সভাত অংশগ্ৰহণ কৰি ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিশ্বজিৎ দাসে কয় সমাজৰ হকে হিত চিন্তা কৰা সকল মৃত্যুৰ পিছটো স্মৰণীয় হৈ ৰয়।শিক্ষক  দিলীপ ঠাকুৰীয়াই আত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে গৰিমা বেজবৰুৱাই সুললিত কণ্ঠৰে ভজন  পৰিবেশন কৰি অনুস্থানটি জীপাল কৰি তোলে।এই স্মৃতিচাৰণ সভাত আদৰণি ভাষণ প্ৰদান কৰে প্ৰয়াত ঠাকুৰীয়াৰ বোৱাৰী তথা ৰামদিয়াৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ সত্যৱতী মেধিয়ে।অনুষ্ঠানত ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ সভাপতি কৈলাশ দাস,সাহিত্যকৰ্মী পৰমানন্দ ডেকা,বলেন ঠাকুৰীয়া, মহানন্দ ঠাকুৰীয়া,বিশিষ্ট সমাজকৰ্মী অতুল কাকতি,অবসৰী শিক্ষক নিকুঞ্জ কলিতা ,মহিবুদ্দিন আহমেদ,বাসন্তী ঠাকুৰীয়া, মখলেশ্বৰ ৰহমানকে ধৰি কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
16 %
5.1kmh
22 %
Sat
42 °
Sun
45 °
Mon
42 °
Tue
43 °
Wed
44 °

Most Popular