41.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমমাজুলী মহাবিদ‍্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন:

মাজুলী মহাবিদ‍্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন:

মাজুলী মহাবিদ‍্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন:

বিকাশ শইকীয়া, মাজুলী: ২৮ ফেব্ৰুৱাৰীঃ

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ‍্যা বিভাগৰ অন্তৰ্গত অসম আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ‍্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, মাজুলী আৰু উজনি মাজুলী খণ্ড, মাজুলী মহাবিদ‍্যালয়ৰ পৰিৱেশ কোষ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ যৌথ উদ‍্যোগত আজি মাজুলীৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ‍্যালয়ত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। এই উপলক্ষে পুৱা ১০ বজাৰ পৰা ‘সত্ৰাধিকাৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষ’ত আয়োজিত সভাৰ আৰম্ভণিতে বিশিষ্ট বিজ্ঞানী ডঃ চি ভি ৰমনৰ প্ৰতিচ্ছবিৰ সন্মুখত মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী জিলাৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলেই পুষ্পাঞ্জলি অৰ্পণ কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মাজুলী জিলাৰ সমন্বয়ক ডঃ অনুপ কুমাৰ দলেয়ে আঁত ধৰা সভাখনিত বিশিষ্ট অতিথিসকলক অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনায়  মহাবিদ‍্যালয়ৰ পৰিৱেশ কোষৰ সমন্বয়ক অধ‍্যাপিকা ডঃ পল্লৱী দুৱৰাই। সভাখনি উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “সমাজ আগবাঢ়ি যাবলৈ হ’লে বিজ্ঞানৰ শুভ অৱদানসমূহ আমি গ্ৰহণ কৰি সুশৃংখলিত ৰূপত প্ৰয়োগ কৰিব পাৰিব লাগিব। বিজ্ঞানৰ অন‍্যতম উল্লেখযোগ‍্য অৱদান কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল নহৈ নিজৰ বুদ্ধিমত্তাকো সঠিকভাৱে প্ৰয়োগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰযত্ন কৰিলেহে সকলোৰে কল‍্যাণ হ’ব।” অনুষ্ঠানত উপস্থিত থাকি মহাবিদ‍্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়াই পুৰণি ধ্যান-ধাৰণা আঁতৰাই মহিলাসকলে বিজ্ঞানৰ ক্ষেত্ৰত অধিক মনোনিবেশ কৰা উচিত বুলি মন্তব্য দিয়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাজুলী মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ‍্যেষ্ঠ সহকাৰী অধ্যাপক ডঃ দেৱজ্যোতি ভট্টাচাৰ্যই চলিত বৰ্ষৰ বিজ্ঞান দিৱসৰ ‘বিজ্ঞানৰ ক্ষেত্ৰত মহিলাঃ বিকশিত ভাৰতৰ উত্তৰণ’ শীৰ্ষক বিষয়টি দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থাপন কৰে। নিজৰ বক্তব্যত তেওঁ ইতিহাসৰ বুকুত যিসকল ভাৰতীয় মহিলা বিজ্ঞানীয়ে দক্ষতাৰে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল সেইসকলৰ বিষয়ে আলোকপাত কৰে। লগতে ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সকলো প্ৰত্যাহবান নেওচি বিজ্ঞানৰ ক্ষেত্ৰখনত ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰে উজলি উঠিবই লাগিব আৰু এইক্ষেত্ৰত পুৰুষসকলেও প্ৰেৰণা যোগাব লাগিব বুলি অভিহিত কৰে। অনুষ্ঠানত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দিগন্ত হাতীবৰুৱা, ডঃ দিব্যজ্যোতি বৰা, ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ বিশাল ভূঞা, গণিত বিভাগৰ অধ্যাপক বিশাল শইকীয়া, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মাজুলী খণ্ডৰ সমন্বয়ক বিকাশ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি নিজৰ বক্তব্যৰে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰে। অনুষ্ঠানত দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে কৰে।

RELATED ARTICLES
Lucknow
clear sky
40.6 ° C
40.6 °
40.6 °
16 %
5.8kmh
1 %
Mon
40 °
Tue
42 °
Wed
44 °
Thu
45 °
Fri
46 °

Most Popular