আইডব্লিউএআইৰ সহযোগত ৮৪ কোটি টকা বিনিয়োগেৰে চাৰিটা লাইটহাউচ নিৰ্মাণ কৰিব ডিজিএলএলে , “ব্ৰহ্মপুত্ৰৰ লাইটহাউচসমূহে নিৰাপদ যাতায়ত আৰু নতুন পৰ্যটনস্থলীৰ বাবে আশাৰ ৰেঙণি হিচাপে কাম কৰিব”: সৰ্বানন্দ সোণোৱাল
গুৱাহাটী পিএনচি ৫ মাৰ্চ: আভ্যন্তৰীণ জলপথ পৰিবহণৰ খণ্ডত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটা লাইটহাউচ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে। এয়া দেশৰ অন্তৰ্দেশীয় জলপথত স্থাপন কৰা প্ৰথম নৈপৰীয়া লাইটহাউছৰ আন্তঃগাঁথনি হিচাপে পৰিগণিত হ’ব। এই উপলক্ষে বন্দৰ, জাহাজ, জলপথ মন্ত্ৰালয়ৰ অধীনস্থ লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয় (ডিজিএলএল) আৰু ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আইডব্লিউএআই)ৰ যৌথ উদ্যোগত গুৱাহাটীৰ লাচিত ঘাটত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। লাইটহাউট নিৰ্মাণ কৰিবলগীয়া স্থান চাৰিটা হ’ল-ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ক্ৰমে ডিব্ৰুগড় জিলাৰ বগীবিল, কামৰূপ (মহানগৰ’) জিলাৰ পাণ্ডু, নগাঁও জিলাৰ শিলঘাট আৰু উত্তৰ পাৰে বিশ্বনাথ ঘাট, যিবোৰ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ মালবাহী আৰু যাত্ৰীবাহী জাহাজ কৰিড’ৰ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২)ৰ কৌশলগত স্থানত অৱস্থিত। চাৰিওটা লাইটহাউচৰ বাবে প্ৰকল্প ব্যয় প্ৰায় ৮৪ কোটি টকা ধাৰ্য কৰা হৈছে। প্ৰতিটো লাইটহাউচৰ ভৌগোলিক পৰিসৰ ১৪ নটিকেল মাইল আৰু ৮–১০ নটিকেল মাইলৰ আলোকময় পৰিসৰৰ সৈতে ২০ মিটাৰলৈ উচ্চতালৈ উঠিব, যিটো সম্পূৰ্ণৰূপে সৌৰশক্তিৰ দ্বাৰা চালিত হ’ব। নেভিগেচন আন্তঃগাঁথনিৰ সমান্তৰালভাৱে প্ৰতিটো স্থানতে সংগ্ৰহালয়, এম্ফিথিয়েটাৰ, কেফেটেৰিয়া, শিশুৰ খেলা ঠাই, কিতাপৰ বিপনী আৰু সু-সজ্জিত ৰাজহুৱা স্থান থাকিব। প্ৰতিটো লাইটহাউছে পৰ্যটনৰ উল্লেখযোগ্য আৰু এক কাৰ্যক্ষম সামুদ্ৰিক সম্পদ হিচাপেও স্থান লাভ কৰিব। আইডব্লিউএআইৰ তথ্যমতে ২০২৪–২৫ বিত্তীয় বৰ্ষত ব্ৰহ্মপুত্ৰ জলপথত সামগ্ৰীৰ পৰিবহণ ৫৩ শতাংশ বৃদ্ধি পোৱাৰ প্ৰত্যক্ষ সঁহাৰিৰ ভিত্তিতে ২ নং ৰাষ্ট্ৰীয় জলপথত নৈপৰীয়া লাইটহাউচ আৰম্ভ কৰা হৈছে। ২ নং ৰাষ্ট্ৰীয় জলপথ মালবাহী জাহাজ চলাচল ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে আৰু ব্ৰহ্মপুত্ৰ কৰিড’ৰ এতিয়া যাত্ৰী আৰু পৰ্যটনৰ সমান্তৰালকৈ অসমৰ চাহ, কয়লা আৰু সাৰ উদ্যোগক সেৱা আগবঢ়োৱা যোগান শৃংখলৰ অবিচ্ছেদ্য অংগ। নতুন লাইটহাউচসমূহে ২৪×৭ নিৰাপদ নেভিগেচন সুবিধা, বতৰ পৰ্যবেক্ষণ চেন্সৰৰ ব্যৱস্থা কৰাৰ লগতে নদীখনত মালবাহী আৰু যাত্ৰীবাহী জাহাজ চলাচলৰ বহনক্ষম বৃদ্ধিৰ বাবে প্ৰয়োজনীয় নেভিগেচন আন্তঃগাঁথনি প্ৰদান কৰিব। “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আভ্যন্তৰীণ জলপথ কেৱল পথ আৰু ৰে’লপথৰ বিকল্প নহয়, বৰঞ্চ আমাৰ অৰ্থনীতিৰ চালিকাশক্তি হিচাপে শক্তিশালী আৰু সক্ষম কৰি তোলা। জলপথেৰে সৰবৰাহ কৰা এক টন সামগ্ৰী স্থানান্তৰ কৰাত পথ পৰিবহণতকৈ বহু কম খৰচ হয়, নিচেই সামান্য কাৰ্বন নিৰ্গমণ হয় আৰু যাত্ৰী আৰু সময় সংবেদনশীল সামগ্ৰীৰ বাবে আমাৰ ঘাইপথসমূহ মুক্ত কৰে। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই লাইটহাউচ কেইটা এক আগ্ৰহৰ নিদৰ্শন, যি ভাৰতৰ নদীসমূহ ২৪ ঘণ্টাই ব্যৱসায়ৰ বাবে মুকলি কৰি ৰাখিব।’ এইদৰে কয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আধাৰশিলা স্থাপন অনুষ্ঠানত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস; পৰিবহণ মন্ত্ৰী চৰণ বড়ো; জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা; গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য; বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ. আইএএছ আৰু ডিজিএলএলৰ সঞ্চালকপ্ৰধান এন মুৰুগানন্দমকে ধৰি একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। মন্ত্ৰী সোণোৱালে লগতে কয়, “জল পৰিবহণে যথেষ্ট কম খৰচতে সুবিধা প্ৰদান কৰে। আভ্যন্তৰীণ জলপথৰ জৰিয়তে এক টন সামগ্ৰী পৰিবহণ কৰিলে পথ পৰিবহণৰ খৰচৰ প্ৰায় এক তৃতীয়াংশ আৰু ৰে’ল পৰিবহণৰ আধা খৰচ হয়। উত্তৰ-পূব ভাৰতৰ দৰে অঞ্চলৰ বাবে, য’ত যাতায়ত আৰু ভূখণ্ড দুয়োটাৰে বাবে পথৰ আন্তঃগাঁথনি অহৰহ চাপত থাকিবলগীয়াত পৰে, তেনেক্ষেত্ৰত ব্ৰহ্মপুত্ৰক বৃহৎ পৰিসৰৰ মালবাহী কৰিডৰ হিচাপে কাৰ্যকৰী কৰাটো বিকল্প নহয়, বৰঞ্চ এক প্ৰয়োজনীয়তা।” উত্তৰ-পূৰ্বাঞ্চলত নৈপৰীয়া লাইটহাউচ স্থাপনৰ সম্ভাৱনীয়তা অন্বেষণৰ বাবে মন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্যোগৰ অন্তত এই প্ৰকল্প আৰম্ভ হয়। ২০২৫ চনৰ ৮ এপ্ৰিলত আইডব্লিউএআই আৰু ডিজিএলএলৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, য’ত উক্ত চাৰিওটা স্থান সামৰি লোৱা হৈছিল। নেভিগেচনেল সাহায্যৰ বাবে কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ সন্মুখত কাৰিকৰী প্ৰস্তাৱ দাখিল কৰাৰ পিছত ২০২৫ চনৰ জুন মাহত ব্যৱহাৰৰ অধিকাৰ চুক্তিৰ অধীনত স্থানসমূহ আনুষ্ঠানিকভাৱে ডিজিএলএললৈ হস্তান্তৰ কৰা হয়।ভূ-কাৰিকৰী অন্বেষণ, ভূ-প্ৰকৃতিৰ জৰীপ আৰু বিশদ ডিজাইনৰ পিছত প্ৰতিটো লাইটহাউচ চুক্তি প্ৰদানৰ ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয় (ডিজিএলএল) হৈছে ভাৰতৰ ১১,০৯৮ কিলোমিটাৰ উপকূল আৰু এতিয়া ইয়াৰ অন্তৰ্দেশীয় জলপথৰ মাজেৰে যাতায়তৰ বাবে সাহায্য প্ৰদানৰ বাবে বিধিগত প্ৰাধিকৰণ। ২০,০০০ কিলোমিটাৰতকৈও অধিক বিস্তৃত ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ভাৰতৰ ৰাষ্ট্ৰীয় জলপথৰ নেটৱৰ্ক প্ৰশাসন আৰু বিকাশ সাধন কৰাৰ লগতে আন্তঃগাঁথনি, টাৰ্মিনেল আৰু নেভিগেচনেল সুবিধাসমূহ পৰিচালনা কৰে, যাতে দেশৰ নদী, বেকৱাটাৰ আৰু খালসমূহৰ মাজেৰে মালবাহী আৰু যাত্ৰীবাহী জাহাজ চলাচল কৰিব পাৰে। ২ নং ৰাষ্ট্ৰীয় জলপথে ধুবুৰীক উজনি অসমৰ শদিয়াক সংযোগ কৰিছে। ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জলপথটো যিকোনো ভাৰতীয় জলপথৰ ভিতৰতে আটাইতকৈ দীঘলীয়া যাতায়ত কৰিব পৰা অংশ আৰু ই ভাৰতৰ উত্তৰ-পূবৰ সম্পূৰ্ণ মাজেৰে পাৰ হৈ গৈছে। এই চাৰিটা লাইটহাউছ ভাৰতৰ আভ্যন্তৰীণ জলপথসমূহক দীৰ্ঘদিন ধৰি কাৰ্যকৰী হৈ অহা একেটা নেভিগেচনেল সুৰক্ষা আন্তঃগাঁথনিৰে সজ্জিত কৰাৰ বাবে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ এক অভিলাসী কাৰ্যক্ৰমৰ সূচনা হিচাপে চিহ্নিত হৈছে।

