37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমপ্ৰাক্তন শিশু কল্যাণ সমিতিৰ অধ্যক্ষৰ ঘৰৰ পৰা উদ্ধাৰ কিশোৰী শিশু শ্ৰমিক, হাইলাকান্দিত...

প্ৰাক্তন শিশু কল্যাণ সমিতিৰ অধ্যক্ষৰ ঘৰৰ পৰা উদ্ধাৰ কিশোৰী শিশু শ্ৰমিক, হাইলাকান্দিত তীব্ৰ চাঞ্চল্য

প্ৰাক্তন শিশু কল্যাণ সমিতিৰ অধ্যক্ষৰ ঘৰৰ পৰা উদ্ধাৰ কিশোৰী শিশু শ্ৰমিক, হাইলাকান্দিত তীব্ৰ চাঞ্চল্য
প্ৰতিনিধি হাইলাকান্দি ৬ মাৰ্চ:এসময়ত শিশু অধিকাৰ ৰক্ষা কৰাৰ দায়িত্বত থকা আৰু সমাজক শিশু শ্ৰম আৰু বাল্যবিবাহৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনোৱা ব্যক্তিৰ ঘৰতে এজনী কিশোৰী শিশু শ্ৰমিক উদ্ধাৰ হোৱাৰ ঘটনাই হাইলাকান্দি জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো প্ৰকাশ পাই উঠাৰ পিছতেই সাধাৰণ ৰাইজৰ মাজত নানা প্ৰশ্ন উঠিবলৈ ধৰিছে যদি ৰক্ষকেই ভক্ষকলৈ পৰিণত হয়, তেন্তে সাধাৰণ মানুহে ন্যায় বিচাৰিবলৈ ক’ত যাব?প্ৰাপ্ত তথ্য অনুসৰি হাইলাকান্দি জিলা শিশু সুৰক্ষা বিভাগত শেহতীয়াকৈ এখন লিখিত অভিযোগ দাখিল কৰা হৈছিল। অভিযোগত উল্লেখ কৰা হৈছিল যে এজনী কিশোৰীৰ বাল্যবিবাহ কৰোৱাৰ চেষ্টা চলি আছে। বিষয়টো গুৰুত্ব সহকাৰে লৈ জিলা শিশু সুৰক্ষা বিভাগ আৰু শিশু কল্যাণ সমিতি (CWC)-ৰ বিষয়াসকলে তৎপৰতা আৰম্ভ কৰে। অভিযোগৰ ভিত্তিত এখন বিশেষ দল গঠন কৰি সংশ্লিষ্ট এলেকাত অভিযান চলোৱা হয়।অভিযান চলোৱাৰ সময়ত প্ৰাক্তন শিশু কল্যাণ সমিতিৰ অধ্যক্ষ নিলাদ্ৰী শংকৰ দাসৰ ঘৰত তল্লাশি চলাই এজনী কিশোৰীক উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা কিশোৰীগৰাকীক তৎক্ষণাৎ শিশু কল্যাণ সমিতিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ জবানবন্দী ৰেকৰ্ড কৰা হয়।কিশোৰীগৰাকীৰ জবানবন্দী অনুসৰি প্ৰায় ছয় বছৰ ধৰি তেওঁ সেই পৰিয়ালটোৰ সৈতে বাস কৰি আহিছিল আৰু ঘৰুৱা কাম কৰিছিল। লগতে তেওঁ স্থানীয় এখন বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছিল। জানিব পৰা মতে নিলাদ্ৰী শংকৰ দাসৰ ভাতৃ আৰু ভগ্নী একেলগে সেই ঘৰতে বসবাস কৰে আৰু কিশোৰীগৰাকীয়ে মূলতঃ তেওঁলোকৰ ঘৰতে কাম কৰিছিল।আৰু জানিব পৰা মতে ঘৰুৱা কামৰ বিনিময়ত প্ৰতি মাহে কিশোৰীগৰাকীৰ বেংক একাউণ্টত এক হাজাৰ টকা কৰি জমা দিয়া হৈছিল। যদিও কিশোৰীগৰাকীৰ বৰ্তমান বয়স মাত্ৰ ১৬ বছৰ বুলি জানিব পৰা গৈছে তথাপিও ইমান দিন ধৰি তেওঁক ঘৰুৱা কামত নিযুক্ত কৰি ৰখাৰ অভিযোগ উঠিছে।উদ্ধাৰৰ পিছত জিলা শিশু সুৰক্ষা বিভাগৰ উদ্যোগত কিশোৰীগৰাকীক বৰ্তমান এখন নিৰাপদ ঠাইত ৰাখা হৈছে। তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থাও পৰ্যবেক্ষণ কৰা হৈছে আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।আনহাতে কিশোৰীগৰাকীৰ বাল্যবিবাহ দিয়াৰ চেষ্টা কৰা হৈছে বুলি উঠা অভিযোগটোও তদন্তৰ আওতালৈ অনা হৈছে। এই অভিযোগত কিশোৰীগৰাকীৰ পিতৃ আৰু মামাৰ ভূমিকা সম্পৰ্কেও প্ৰশাসনে খতিয়ান লৈ আছে।বৰ্তমানলৈকে কিশোৰীগৰাকীৰ জবানবন্দী ৰেকৰ্ড কৰা হৈছে আৰু ঘটনাটোৰ বিভিন্ন দিশত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। শিশু শ্ৰমত জড়িত থকাৰ অভিযোগত সংশ্লিষ্ট পৰিয়ালৰ বিৰুদ্ধে আৰু নাবালিকা বিয়া দিয়াৰ চেষ্টা কৰাৰ অভিযোগত তেওঁৰ পিতৃ আৰু মামাৰ বিৰুদ্ধে প্ৰশাসনে কি ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি এতিয়া সাধাৰণ ৰাইজৰ দৃষ্টি নিবদ্ধ হৈ আছে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular