40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমঅসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন সূচী ঘোষণাৰ পাছত জিলা আয়ুক্তৰ সংবাদ মেল

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন সূচী ঘোষণাৰ পাছত জিলা আয়ুক্তৰ সংবাদ মেল

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন সূচী ঘোষণাৰ পাছত জিলা আয়ুক্তৰ সংবাদ মেল
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , হাজো, ১৭ মাৰ্চঃ আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সূচী ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পাছত কামৰূপ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই আজি আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল সদৰী কৰে। সংবাদমেলত সদৰী কৰা অনুসৰি নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী সূচীৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ লগতে আগন্তুক নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে। কামৰূপ জিলাৰ অন্তৰ্গত ২৭ নং ছমৰীয়া বিধানসভা সমষ্টিৰ ভাৱে ৰিটাৰ্নিং বিষয়া প্ৰাঞ্জিত কুমাৰ দেৱ, কক্ষ নং- ১ এন, প্ৰথম মহলা, সংহত জিলা আয়ুক্ত কাৰ্যালয়, যোগাযোগৰ নং- ৮৪৭১৯-০৫৯৫৩, ২৮ নং বকো-ছয়গাঁও (অনুসূচিত জনজাতি) বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্নিং বিষয়া প্ৰিয়াংশু ভৰদ্বাজ, কক্ষ নং- ২ বি, দ্বিতীয় মহলা, সংহত জিলা আয়ুক্ত কাৰ্যালয়, যোগাযোগৰ নং- ৮৮১২৮-২৯৯১৮, ২৯ নং পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্নিং বিষয়া ভাস্কৰ জ্যোতি কলিতা, কক্ষ নং- ২ জেড(২), দ্বিতীয় মহলা, সংহত জিলা আয়ুক্ত কাৰ্যালয়, যোগাযোগৰ নং- ৯৬৫০৯-৯৫৩৭৫, ৩০ নং হাজো- শুৱালকুছি (অনুসূচিত জাতি) বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্নিং বিষয়া মৃণাল বৰা, কক্ষ নং- ২ ৱাই, দ্বিতীয় মহলা, সংহত জিলা আয়ুক্ত কাৰ্যালয়, যোগাযোগৰ নং- ৯৮৫৪০-৪৫৩২২, ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্নিং বিষয়া মৃদুস্মিতা বৰা, কক্ষ নং- ২ জেড(১), দ্বিতীয় মহলা, সংহত জিলা আয়ুক্ত কাৰ্যালয়, যোগাযোগৰ নং- ৮৪৭২৮-০৫৩৮৭ আৰু ৩২ নং কমলপুৰ বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্নিং অফিচাৰ আদিত্য গগৈ, কক্ষ নং- ২ এ, দ্বিতীয় মহলা, সংহত জিলা আয়ুক্ত কাৰ্যালয়, যোগাযোগৰ নং- ৮১৩৩৮-৫১৯৯৩। জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে নিৰ্বাচনী সূচী অনুসৰি ২৩ মাৰ্চ ২০২৬ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ (চৰকাৰী বন্ধৰ বাহিৰে), ২৪ মাৰ্চ ২০২৬ মনোনয়ন পত্ৰ পৰীক্ষণ আৰু ২৬ মাৰ্চ ২০২৬ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ আৰু উক্ত দিনা চুড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ’ব। ৯ এপ্ৰিল ২০২৬ ভোটগ্ৰহণ আৰু ৪ মে’ ২০২৬ ভোট গণনা।ইয়াৰ উপৰিও আয়ুক্ত গৰাকীয়ে সদৰী অনুসৰি কামৰূপ জিলাত মুঠ ১৫৫৫টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ইয়াৰ ভিতৰত ৩০০টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ দ্বাৰা পৰিচালিত হ’ব আৰু ৬টা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ/ বিশেষভাৱে অক্ষম প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ দ্বাৰা পৰিচালিত কৰা হ’ব। নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনে ইতিমধ্যে স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ সৈতে এখন বৈঠক ও অনুষ্ঠিত হয়। উক্ত বৈঠকত নিৰ্বাচনী বিধি-নিয়ম আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰা হয় আৰু সকলো ৰাজনৈতিক দলক এইসমূহ মানি চলিবলৈ জিলা অয়ুক্তগৰাকীয়ে আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু সাধাৰণ জনতাক আগন্তুক নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাত জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে সকলো ভোটাৰক নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰি ভোটদান কৰিবলৈ আহ্বান জনায়।আজিৰ সংবাদ মেলত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত জিলা আয়ুক্ত আদিত্য গগৈ, নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
overcast clouds
43.2 ° C
43.2 °
43.2 °
19 %
5.8kmh
88 %
Sun
43 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular