30 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমমৰিগাঁও জিলাৰ পেট্ৰ’ল পাম্পসমূহৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক, অবৈধ...

মৰিগাঁও জিলাৰ পেট্ৰ’ল পাম্পসমূহৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক, অবৈধ মজুতকৰণ আৰু ক’লা বজাৰ সন্দৰ্ভত সকিয়াই দিলে জিলা আয়ুক্তই

মৰিগাঁও জিলাৰ পেট্ৰ’ল পাম্পসমূহৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক, অবৈধ মজুতকৰণ আৰু ক’লা বজাৰ সন্দৰ্ভত সকিয়াই দিলে জিলা আয়ুক্তই

ইছফাকুৰ ৰহমান, দুৰ্নীতিৰ দৰ্পণ, মৈৰাবাৰী, ২৭ মাৰ্চ: মৰিগাঁও জিলাৰ পেট্ৰ’ল পাম্পসমূহত পেট্ৰ’লৰ কৃত্ৰিম নাটনি সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলক কেতবোৰ নিৰ্দেশনা প্ৰদান কৰা হয়৷ সেই অনুসৰি পেট্ৰ’ল পাম্পসমূহত ক্ষমতা অনুসৰি সম্পূৰ্ণ ইন্ধন মজুত ৰাখিবলৈ নিৰ্দেশ দিয়া হয়৷ সভাত যিকোনো পাত্ৰ, বটল বা ড্ৰামত পেট্ৰ’ল দিয়াৰ পৰা বিৰত থাকিবলৈ পেট্ৰ’ল পাম্পসমূহক নিৰ্দেশ দিয়া হয়৷ লগতে জিলা আয়ুক্তগৰাকীয়ে পেট্ৰ’ল পাম্পসমূহত পেট্ৰ’ল বা ডিজেল মজুত থকা সন্দৰ্ভত বোৰ্ডত লিখি জনসাধাৰণে দেখাকৈ প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে৷ জিলা আয়ুক্তগৰাকীয়ে অবৈধ মজুতকৰণ আৰু ক’লা বজাৰ সন্দৰ্ভত সকিয়াই দি কয় যে এনে কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব৷

RELATED ARTICLES
Lucknow
broken clouds
30 ° C
30 °
30 °
89 %
2.6kmh
61 %
Fri
36 °
Sat
36 °
Sun
32 °
Mon
33 °
Tue
36 °

Most Popular