41.3 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমজাগীৰোডৰ ভেৰভেৰীত পঞ্চম বাৰ্ষিক ভাগৱত প্ৰৱচন, ব্যাখ্যাকাৰ ৰূপত উত্তৰ কমলাবাৰী সত্ৰ, মাজুলীৰ...

জাগীৰোডৰ ভেৰভেৰীত পঞ্চম বাৰ্ষিক ভাগৱত প্ৰৱচন, ব্যাখ্যাকাৰ ৰূপত উত্তৰ কমলাবাৰী সত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, বিশাল ভাগৱত শোভাযাত্ৰাত মুখৰিত সমগ্ৰ অঞ্চল

জাগীৰোডৰ ভেৰভেৰীত পঞ্চম বাৰ্ষিক ভাগৱত প্ৰৱচন, ব্যাখ্যাকাৰ ৰূপত উত্তৰ কমলাবাৰী সত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, বিশাল ভাগৱত শোভাযাত্ৰাত মুখৰিত সমগ্ৰ অঞ্চল

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৭ মাৰ্চ: – বিশ্ব শান্তি আৰু মানৱ কল্যাণাৰ্থে বিগত বৰ্ষসমূহৰ দৰে এইবেলিও আজিৰে পৰা ২৯ মাৰ্চলৈ ভেৰভেৰী গাঁৱৰ ৰাইজৰ উদ্যোগত ভেৰভেৰী গাঁৱৰ হৰি মন্দিৰ প্ৰাংগনত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় পঞ্চম বাৰ্ষিক ভাগৱত প্ৰৱচন৷ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি আজি পুৱা বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গাঁৱৰ জ্যেষ্ঠ পূজাৰী ঘনকান্ত শইকীয়াই৷ তাৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে মৰিগাঁও কোমোৰাগুৰি মিছামাৰি সত্ৰৰ সত্ৰাধিকাৰ হোমেশ্বৰ গোস্বামীয়ে৷ আনহাতে উক্ত কাৰ্যসূচীৰ অন্তত আৰম্ভ হয় মুখ্য কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা৷ এই শোভাযাত্ৰাত ভাগৱতৰ বাহক হিচাপে থাকে পূজাৰী যতীন শইকীয়া আৰু মুখ্য নামতি বিনন্দ শইকীয়া৷ শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে সদৌ অসম দেৱ দামোদৰদেৱ সংঘৰ সভাপতি ৰামচৰণ ভৰালী আৰু ডোঙাবড়ী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমতী বড়োয়ে৷ ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন মন্ত্ৰী বুবুল দাসে৷ উল্লেখ্য যে প্ৰায় দহ কিলোমিটাৰ পৰ্যন্ত উলিওৱা এই ভাগৱত শোভাযাত্ৰাত অঞ্চলৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰি হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল৷ ইয়াৰ পিছতেই আৰম্ভ হয় পূজা অৰ্চনা আৰু নিৰ্মালি প্ৰদান৷ পূজাৰ আৰম্ভণি কৰে পূজাৰী ঘনকান্ত শইকীয়া আৰু নিৰ্মালি প্ৰদান কৰে ভকত সৰ্বেশ্বৰ বৰাই৷ দুপৰীয়া নামাচাৰ্য তিথিৰাম শইকীয়াই আৰম্ভ কৰা নাম-প্ৰসংগ সামৰণিৰ পিছতেই অবিৰতভাৱে তিনিদিনৰ বাবে আৰম্ভ হয় ভাগৱত প্ৰৱচনৰ৷ উল্লেখ্য যে তিনিদিন ধাৰাবাহিকভাৱে কেৱল ভগৱান শ্ৰীশ্ৰী কৃষ্ণ বন্দনাৰ জৰিয়তে এক ভক্তিৰস তথা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব সমগ্ৰ অঞ্চল৷ অনুষ্ঠানত কেইবাগৰাকীও পাঠাচাৰ্য আৰু ব্যাখ্যাচাৰ্যই অংশগ্ৰহণ কৰিব ভাগৱত প্ৰৱচনত৷ বিশেষকৈ ব্যাখ্যাচাৰ্য হিচাপে উত্তৰ কমলাবাৰী সত্ৰ মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ অংশগ্ৰহণে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি উদযাপন সমিতিয়ৰ বিষয়ববীয়াই উল্লেখ কৰে৷ লগতে এই ভাগৱত প্ৰৱচনত সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰে সভাপতি যতীন শইকীয়া, কাৰ্যকৰী সভাপতি হলিৰাম শইকীয়া, সম্পাদক দিপুমণি শইকীয়া, উপ সভাপতি ৰমেন শইকীয়া সহ-সম্পাদক তিলক শইকীয়াসহ উদ্যোক্তাসকলে৷

RELATED ARTICLES
Lucknow
clear sky
40.6 ° C
40.6 °
40.6 °
16 %
5.8kmh
1 %
Mon
40 °
Tue
42 °
Wed
44 °
Thu
45 °
Fri
46 °

Most Popular