35 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমকেৱল আঁচনিয়ে বিধায়কক ৰক্ষা কৰিব পাৰিবনে? একাধিক জ্বলন্ত সমস্যা সমাধানত চৰম ব্যৰ্থতাৰ...

কেৱল আঁচনিয়ে বিধায়কক ৰক্ষা কৰিব পাৰিবনে? একাধিক জ্বলন্ত সমস্যা সমাধানত চৰম ব্যৰ্থতাৰ অভিযোগ, ফুটুকাৰ ফেনত পৰিণত হ’ল বিজ্ঞান শাখাৰ প্ৰতিশ্ৰুতি; ​অসম্পূৰ্ণ দলং আৰু জৰাজীৰ্ণ মথাউৰি; ​কৃষকৰ সমস্যা আৰু জলজীৱন আঁচনিৰ ফ্লপশ্ব

কেৱল আঁচনিয়ে বিধায়কক ৰক্ষা কৰিব পাৰিবনে? একাধিক জ্বলন্ত সমস্যা সমাধানত চৰম ব্যৰ্থতাৰ অভিযোগ, ফুটুকাৰ ফেনত পৰিণত হ’ল বিজ্ঞান শাখাৰ প্ৰতিশ্ৰুতি; ​অসম্পূৰ্ণ দলং আৰু জৰাজীৰ্ণ মথাউৰি; ​কৃষকৰ সমস্যা আৰু জলজীৱন আঁচনিৰ ফ্লপশ্ব

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ শিৱসাগৰ, শিৱসাগৰ, ৩০ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ১২টা দিন বাকী থকা অৱস্থাত এইবাৰ শিৱসাগৰ জিলাৰ ৯৫নং ডিমৌ বিধানসভা সমষ্টিত শাসকীয় দলৰ বিধায়ক তথা প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ বাবে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো অতিকৈ প্ৰত্যাহ্বানজনক হৈ পৰা পৰিলক্ষিত হৈছে৷ বিধায়কগৰাকীৰ কাৰ্যকালত সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পালনত দেখুওৱা ব্যৰ্থতাই এতিয়া তেওঁৰ নিৰ্বাচনী যাত্ৰাত তীব্ৰ বাধাৰ সৃষ্টি কৰিছে৷ ২০২১ চনৰ উপ-নিৰ্বাচনত জয়ী হোৱাৰ পাছতে সমষ্টিৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিমৌ মহাবিদ্যালয়ত শীঘ্ৰেই বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিব বুলি সুশান্ত বৰগোহাঁইয়ে যি ঘোষণা কৰিছিল, সেয়া আজি পৰ্যন্ত কাৰ্যকৰী নহ’ল৷ ইয়াৰ বিপৰীতে ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়খন বন্ধ কৰি দি চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সপোন ভাঙি পেলোৱা কাৰ্যই স্থানীয় ৰাইজক ক্ষুণ্ণ কৰি তুলিছে৷ যাতায়তৰ একমাত্ৰ পথ দেউৰীটিং দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি উপ-নিৰ্বাচনত জয়ী হোৱা বিধায়কগৰাকীৰ সেই প্ৰতিশ্ৰুতিও অসাৰ প্ৰমাণিত হ’ল৷ আনহাতে, নিতাইপানীদিহিং মৌজাৰ ৭০খনৰো অধিক গাঁৱৰ ৰাইজৰ বাবে কালস্বৰূপ হৈ পৰা দিহিঙৰ জৰাজীৰ্ণ মথাউৰিটো নিৰ্মাণ কৰাতো তেওঁ ব্যৰ্থ হৈছে৷ বৰ্তমান বৰষুণৰ ফলত মথাউৰিটোৰ মাজভাগ বহি গৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত ৰাইজ এতিয়া গভীৰ চিন্তাত মগ্ন হৈছে৷ অঞ্চলটোৰ কৃষকৰ বাবে অত্যাৱশ্যকীয় শীতাতপ নিয়ন্ত্ৰিত গৃহ নিৰ্মাণ কৰিব নোৱাৰাটো বিধায়কজনৰ আন এক ডাঙৰ ব্যৰ্থতা৷ পানীদিহিং পক্ষী অভয়াৰণ্যক লৈ অমৃত সৰোবৰ আঁচনিৰ নামত কোটি কোটি টকাৰ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে অভয়াৰণ্যখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি দিয়াতো তেওঁ চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ আনকি প্ৰধানমন্ত্ৰীৰ সপোনৰ ‘জলজীৱন আঁচনি’ৰ ডিমৌত চৰম অৱস্থা দেখা গৈছে৷ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰি যোৱা কলীয়াপানী আঁচনিৰ লগতে লাইবিল মিৰিপথাৰ, ককিলামাৰী আদি ২০খনতকৈও অধিক আঁচনি এতিয়া বিকল হৈ পৰিছে৷ ১৮খন চাহ বাগিচাৰ শ শ মহিলা এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা ঘটনাই নিৰ্বাচনত বিৰূপ প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, কেৱল চৰকাৰী আঁচনিৰ দোহাই দি এইবাৰ ভোটাৰ ৰাইজৰ মন জয় কৰা সহজ নহ’ব৷ বিশেষকৈ কংগ্ৰেছ-মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈৰ শক্তিশালী প্ৰভাৱে এতিয়া সুশান্ত বৰগোহাঁইৰ নিদ্ৰা হৰণ কৰা বুলি একাংশ সচেতন ৰাইজৰ মাজত তীব্ৰ সমালোচনা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

RELATED ARTICLES
Lucknow
broken clouds
33 ° C
33 °
33 °
70 %
3.6kmh
58 %
Fri
36 °
Sat
34 °
Sun
33 °
Mon
33 °
Tue
36 °

Most Popular