29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeঅসমড্ৰাগছৰ মুকলি বেহাঃ আৰক্ষীৰ প্ৰশাসনৰ ভূমিকাক লৈ ৰহস্য!​ খোদ বিজেপি সভাপতিৰ বাসগৃহৰ...

ড্ৰাগছৰ মুকলি বেহাঃ আৰক্ষীৰ প্ৰশাসনৰ ভূমিকাক লৈ ৰহস্য!​ খোদ বিজেপি সভাপতিৰ বাসগৃহৰ নাতিদূৰত ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ আৰক্ষীৰ বৃহৎ সফলতা, ট্ৰেক্টৰৰ ইঞ্জিনৰ পৰা ১১ টাকৈ বৃহৎ কন্টেইনাৰ উদ্ধাৰ; ধৃত আবু শ্বেখ*

ড্ৰাগছৰ মুকলি বেহাঃ আৰক্ষীৰ প্ৰশাসনৰ ভূমিকাক লৈ ৰহস্য!​ খোদ বিজেপি সভাপতিৰ বাসগৃহৰ নাতিদূৰত ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ আৰক্ষীৰ বৃহৎ সফলতা, ট্ৰেক্টৰৰ ইঞ্জিনৰ পৰা ১১ টাকৈ বৃহৎ কন্টেইনাৰ উদ্ধাৰ; ধৃত আবু শ্বেখ*

​ দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২ এপ্ৰিলঃ* ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলি থকাৰ মাজতে আজি ডিমৌত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। যোৰহাট আৰু ডিমৌ আৰক্ষীৰ এক যুটীয়া অভিযানত আজি ডিমৌৰ আঠাবাৰী অঞ্চলত এক বৃহৎ ড্ৰাগছ বিৰোধী সফলতা লাভ কৰিবলৈ সক্ষম হয়।আঠাবাৰী ফেক্টৰীৰ সমীপৰ তথা আঠাবাৰী গাঁও পঞ্চায়তৰ বিজেপি সভাপতিৰ বাসগৃহৰ অতি নিকটৰ পৰা আৰক্ষীয়ে ১১ টাকৈ নিষিদ্ধ টিফিন বক্স সদৃশ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আবু শ্বেখ নামৰ এজন কুখ্যাত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে যোৰহাট ডিএছপি (হেডকুৱাৰ্টাৰ) প্ৰণৱ পাটোৱাৰীৰ এক বিশেষ খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। ডিমৌ সমজিলাৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে আবু শ্বেখৰ ঘৰত পুংখানুপুংখ তালাচী চলায়। প্ৰথম অৱস্থাত ঘৰৰ ভিতৰত একো পোৱা নগ’ল যদিও আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিত ধৰা পৰে ঘৰৰ কাষতে ত্ৰিপালেৰে ঢাকি থোৱা এখন পৰিত্যক্ত ট্ৰেক্টৰ।সন্দেহবশতঃ ট্ৰেক্টৰখনৰ ইঞ্জিনৰ ভিতৰভাগ পৰীক্ষা কৰাত উদ্ধাৰ হয় ১১ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। আৰক্ষীয়ে ড্ৰাগছখিনিৰ ওজন আৰু সঠিক মূল্য বৰ্তমানলৈকে সদৰী কৰা নাই যদিও ইয়াৰ মূল্য বহু লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। ​ঘটনা সন্দৰ্ভত আঠাবাৰী গাঁও পঞ্চায়তৰ বিজেপি সভাপতি বিকি বাৰ্মাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই ঘটনাই সমগ্ৰ গাঁওবাসীক স্তম্ভিত কৰি তুলিছে। তেওঁ জানিবলৈ দিয়া মতে, ধৃত আবু শ্বেখে প্ৰায় দুবছৰ পূৰ্বে এই অঞ্চলত মাটি-ঘৰ কিনি বসবাস আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত ধানৰ মিল আৰু পৰৱৰ্তী সময়ত গেলামালৰ পাইকাৰী দোকান দি অতি কম মূল্যত সামগ্ৰী যোগান ধৰি তেওঁ ৰাইজৰ মাজত বিশ্বাসযোগ্যতা অৰ্জন কৰিছিল। বাৰ্মাই অভিযোগ কৰা মতে, আবু শ্বেখে গাঁৱৰ সহজ-সৰল লোকসকলক ঢাল হিচাপে ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি এই নিষিদ্ধ ক’লা বেহা চলাই আহিছিল। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ৰ (Zero Tolerance) কথা কোৱা বিজেপি চৰকাৰৰ দিনতেই খোদ দলীয় নেতাৰ বাসগৃহৰ নাতিদূৰত এনেদৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলা ঘটনাই চৰকাৰৰ সুশাসনক এক প্ৰকাৰ উপহাস কৰিছে। ইমান দিনে আৰক্ষী আৰু প্ৰশাসনৰ নাকৰ তলতে কেনেকৈ এনে ভয়ংকৰ চোৰাং কাৰবাৰ তথা মজুত ঘাটি চলি আছিল, তাক লৈ সচেতন মহলে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ চাহ বাগিছা অধ্যুষিত অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি ই এক চৰম ভাবুকি কঢ়িয়াই আনিছে। আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ ৰহস্যজনক মৌনতাৰ আঁৰত কিবা গোপন বুজাবুজি আছে নেকি, যাৰ বাবে যোৰহাট আৰক্ষীৰ প্ৰশাসনে চলোৱা অভিযানত উক্ত সৰবৰকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী যোৰহাট আৰক্ষী প্ৰশাসনে উক্ত অভিযানৰ পম খেদি শেহতীয়াকৈ স্থানীয় আৰক্ষীৰ সৈতে সহযোগত উক্ত স্থানৰ পৰা এই বৃহৎ পৰিমাণৰ মজুত ঘাটিৰ পৰা সন্দেহযুক্ত তথা নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় আৰক্ষী ভূমিকাক লৈও এতিয়া চৰ্চা আৰম্ভ হৈছে। বৰ্তমান আবু শ্বেখৰ পত্নী আৰু দুই সন্তান ঘৰত আছে আৰু আৰক্ষীয়ে ধৃত ব্যক্তিজনৰ বিৰুদ্ধে অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular