উত্তৰ পূৱ সীমান্ত ৰেলৱেই মালিগাঁৱত গঢ়ি তুলিছে ’জুবিন গাৰ্গ’ ৰে’লৱে বিহুতলী
মালিগাঁও, পিএন চি: ১৩ এপ্ৰিল: উত্তৰ-পূব সীমান্ত ৰে’লৱেই মালিগাঁৱত বিহু আৰু অন্যান্য গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান উদযাপনৰ বাবে এখন নতুন ‘বিহুতলী’ অৰ্থাৎ সাংস্কৃতিক প্ৰাংগণ গঢ়ি তুলিছে৷ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতি এক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই স্থানৰ নাম “জুবিন গাৰ্গ ৰে’লৱে বিহুতলী” ৰখা হৈছে, যি শিল্পীগৰাকীৰ প্ৰতি থকা অসমৰ ৰাইজৰ গভীৰ সাংস্কৃতিক সম্পৰ্ক আৰু শ্ৰদ্ধাকেই প্ৰতিফলিত কৰিছে৷ এই বিহুতলীখন স্থায়ী মঞ্চ, ভোজনালয়, টয়লেট কমপ্লেক্স, সামূহিক স্থান, বাউণ্ডেৰী ৱাল আৰু সকলো বতৰতে ব্যৱহাৰোপযোগী খেলপথাৰসহ বিভিন্ন আধুনিক সা-সুবিধাৰ অন্তৰ্ভুক্তিৰেই বিকশিত কৰা হৈছে৷ নৱনিৰ্মিত এই প্ৰাংগণ অহা ১৪ ৰ পৰা ১৭ এপ্ৰিল, ২০২৬ লৈ মালিগাঁৱৰ পাণ্ডু বিহু সন্মিলনীয়ে আয়োজন কৰা বাৰ্ষিক ৰঙালী বিহু উদযাপনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে৷ ইয়াৰ লগতে সংগতি ৰাখি অলপতে এই নতুন ক্ষেত্ৰখনত এক প্ৰাক-বিহু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ পৰম্পৰাগত এই বিহু উদযাপনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱ উপস্থিত থাকে৷ অনুষ্ঠানটোত ৰে’লৱে বিষয়াবৰ্গ, স্থানীয় বাসিন্দা আৰু সাংস্কৃতিক প্ৰেমীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে৷ জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰৰ উপস্থিতিয়ে এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ কিংবদন্তি শিল্পীগৰাকীক জনোৱা এই সন্মানৰ বাবে তেওঁ পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই পদক্ষেপে স্থানীয় সংস্কৃতিৰ উদযাপন আৰু সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা প্ৰসিদ্ধ ব্যক্তিসকলক সন্মানিত কৰাৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দায়বদ্ধতাকেই প্ৰতিফলিত কৰিছে৷ জুবিন গাৰ্গে বিহু উৎসৱৰ সময়ত অসমৰ জনসাধাৰণৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি আহিছে, সেইবাবে জুবিন গাৰ্গ নামকৰণেৰে এই বিহুতলীখন এক স্মৰণীয় পৰম্পৰাৰ প্ৰতীক হিচাপে চিৰস্থায়ী হৈ থাকিব৷

