আমগুৰি পৌৰসভাৰ চৰকাৰী মনোনীত প্ৰতিনিধি অভীপ্সিত শইকীয়াৰ পদত্যাগ
দুৰ্নীতিৰ দৰ্পণ সেৱা, আমগুৰি, ৭ এপ্ৰিল ॥ আমগুৰি পৌৰসভাৰ চৰকাৰী মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা অভীপ্সিত শইকীয়াই আজি তেওঁৰ পদৱীৰ পৰা পদত্যাগ কৰে৷ উল্লেখ্য যে তদানীন্তন আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত অভীপ্সিতে অগপ দলৰ হৈ চৰকাৰৰ মনোনীত সদস্য হিচাপে নিৰ্বাচিত হৈছিল৷ সম্প্ৰতি তেওঁ ৰাইজৰ দলৰ এজন সক্ৰিয় নেতা৷ আজি আমগুৰিৰ পৌৰপতিৰ যোগেদি তেওঁ অসমৰ ৰাজ্যপাললৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু এক সংবাদমেলৰ যোগেদি তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰে৷ উল্লেখ্যযোগ্য যে অভীপ্সিতে আমগুৰি পৌৰসভাৰ অন্তৰ্গত ২নং ৱাৰ্ডত থকা শান্তিবন শ্মশানৰ ৪০ লাখ টকীয়া মেৰামতি কাৰ্য্যত অগপ দলৰ ঘনিষ্ঠ ঠিকাদাৰে পুৰণি সীমাৰ ৱালত নতুনকৈ কেইজাপমান দেৱাল গাঁঠি দিয়াৰ ফলত এজাক ডাঙৰ বৰষুণতে সেই দেৱাল খহি পৰে৷ শইকীয়াই এনে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে সৰব হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু পৌৰসভাই কামটো বন্ধ ৰাখিছিল যদিও তদানীন্তন অগপ বিধায়ক প্ৰদীপ হাজৰিকাই মিলিজুলি কাম কৰিবলৈ এখন পত্ৰ আমগুৰি পৌৰসভাৰ পৌৰপতিলৈ প্ৰেৰণ কৰাত পুনৰ একেজন ঠিকাদাৰকে বাহাল ৰাখে৷
আমগুৰি পৌৰসভাৰ চৰকাৰী মনোনীত প্ৰতিনিধি অভীপ্সিত শইকীয়াৰ পদত্যাগ
Lucknow
broken clouds
37.5
°
C
37.5
°
37.5
°
24 %
2.5kmh
53 %
Wed
41
°
Thu
44
°
Fri
44
°
Sat
46
°
Sun
45
°

