39.3 C
New Delhi
Wednesday, June 10, 2026
spot_img
Homeঅসমবিপিএফৰ গুমা ব্লক কাৰ্যালয়ত নৱনিৰ্বাচিত বিধায়ক ৰুপম চন্দ্ৰ ৰায়ক সম্বৰ্ধনা

বিপিএফৰ গুমা ব্লক কাৰ্যালয়ত নৱনিৰ্বাচিত বিধায়ক ৰুপম চন্দ্ৰ ৰায়ক সম্বৰ্ধনা

বিপিএফৰ গুমা ব্লক কাৰ্যালয়ত নৱনিৰ্বাচিত বিধায়ক ৰুপম চন্দ্ৰ ৰায়ক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপ’ৰ্টাৰ নুৰছালাম আলী, ৭ মে: বাওখুংগ্ৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰুপম চন্দ্ৰ ৰায়ক আজি বিপিএফৰ গুমা ব্লক কাৰ্যালয়ত দলীয় কৰ্মী আৰু সমৰ্থকসকলে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত বিপিএফৰ ২ নং গুমা সমষ্টিৰ এমচিএলএ এন্তাজ আলী লগতে বিপিএফৰ জ্যেষ্ঠ নেতা-কৰ্মী, স্থানীয় গণ্যমান্য ব্যক্তি তথা বহু সংখ্যক সমৰ্থক উপস্থিত থাকে৷ অনুষ্ঠানত বক্তব্য ৰাখি বিধায়ক ৰুপম চন্দ্ৰ ৰায়ে দলীয় কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰম আৰু জনসাধাৰণৰ আস্থাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷ তেওঁ সমষ্টিৰ সামগ্ৰিক উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইফালে উপস্থিত দলীয় নেতাসকলে নতুন বিধায়কৰ নেতৃত্বত বাওখুংগ্ৰী সমষ্টিত উন্নয়নৰ নতুন দিশ উন্মোচিত হ’ব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানটোত সাংস্কৃতিক পৰিৱেশনৰ লগতে ফুলাম গামোচা আৰু স্মাৰক প্ৰদানৰ জৰিয়তে বিধায়কগৰাকীক সম্বৰ্ধনা জনোৱা হয়৷

RELATED ARTICLES
Lucknow
scattered clouds
37.6 ° C
37.6 °
37.6 °
14 %
2.2kmh
27 %
Tue
37 °
Wed
46 °
Thu
44 °
Fri
42 °
Sat
43 °

Most Popular