29.2 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহাউলীত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস

হাউলীত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস

হাউলীত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস
••••••••••••••••••••••••••••••••••••••••

দুৰ্নীতিৰ দৰ্পণ, কংকণ তালুকদাৰ, হাউলী, ১০ মে :
সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাউলী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাউলীবাসী ৰাইজৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসৰ অভ্যৰ্থনা সমিতি গঠনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । হাউলী চণ্ডীবৰুৱা স্মৃতি ভৱনত আজি ১০ মে’ত ১১ বজাত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে অৰ্ণৱ জ্যোতি শৰ্মাই । সভাত উপস্থিত থাকে মুখ্য সাংগঠনিক সম্পাদক নয়নজ্যোতি দাসৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ । ড° ভগীৰথ নাথক সভাপতি হিচাপে লৈ গঠন কৰা অভ্যৰ্থনা সমিতিত ভবানন্দ দাস(পাঠক) আৰু দেৱাদ্বীপ দাসক কাৰ্যকৰী সভাপতি, নয়নজ্যোতি দাসক সাধাৰণ সম্পাদক, ডা° মাধুৰ্য পৰাণ দাস আৰু উৎপল ৰায়ক সম্পাদক হিচাপে ৰাইজৰ ফালৰপৰা মনোনীত কৰা হয় । উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস ১৯ আৰু ২০ জুন তাৰিখে হাউলী অনুষ্ঠিত কৰা হ’ব । দুদিনীয়াকৈ হ’ব লগা কাৰ্যসূচীত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, সাধাৰণ সভা, সাংস্কৃতিক অনুষ্ঠান থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে । আয়োজক বৰপেটা জিলা ছাত্ৰ সন্থাই কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণৰ বাবে হাউলীৰ লগতে সমগ্ৰ বৰপেটা জিলাৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে । হাউলীৰ বিশিষ্ট ব্যক্তি লক্ষ্মীকান্ত দাস, চম্পক কুমাৰ নাথ, ডুলুমণি দাস, নিতুমণি দাস আদিয়ে নিজৰ নিজৰ চমু ভাষণত আগন্তুক অনুষ্ঠানটোৰ বাবে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ায় ।

RELATED ARTICLES
Lucknow
overcast clouds
30 ° C
30 °
30 °
67 %
1.6kmh
95 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular