মন্দিৰ চুৰিৰ ঘটনাত আৰক্ষীৰ বৃহৎ সাফল্য
দুই অভিযুক্ত আটকউদ্ধাৰ চুৰি হোৱা বহু মূল্যবান সামগ্ৰী আলগাপুৰ আৰক্ষীৰ তৎপৰতাত স্বস্তি উত্তৰ মোহনপুৰত, সংবাদমেলত জনালে অতিৰিক্ত আৰক্ষী অধীক্ষক
হাইলাকান্দি, মোহনপুৰ পাৰ্ট ৪ অঞ্চলস্থিত উত্তৰ মোহনপুৰ সাৰ্বজনীন কালীবাড়ী মন্দিৰত সংঘটিত চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনাত উল্লেখযোগ্য সাফল্য লাভ কৰিছে আলগাপুৰ আৰক্ষীয়ে। আৰক্ষীৰ তৎপৰ তদন্ত আৰু বিশেষ অভিযানৰ ফলস্বৰূপে দুজন অভিযুক্তক আটক কৰাৰ লগতে চুৰি হোৱা অধিকাংশ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী বিভাগ। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে আৰক্ষীৰ এই সাফল্যই স্থানীয় লোকসকলৰ মাজত স্বস্তিৰ পৰিৱেশ ঘূৰাই আনিছে।জানিব পৰা মতে ৮ মে’ ২০২৬ তাৰিখে উত্তৰ মোহনপুৰ সাৰ্বজনীন কালীবাড়ী মন্দিৰত নিশাৰ অন্ধকাৰত সংঘটিত হৈছিল এই চুৰিকাণ্ড। চোৰে মন্দিৰত প্ৰৱেশ কৰি পূজা পাৰ্বণত ব্যৱহৃত একাধিক মূল্যবান পিতলৰ সামগ্ৰী বৈদ্যুতিক সঁজুলি আৰু আন সামগ্ৰী চুৰি কৰি লৈ যায়। ঘটনাটো পোহৰলৈ অহাৰ পিছতে মন্দিৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।
মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকে আলগাপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে ২৬/২০২৬ নম্বৰৰ এটি গোচৰ ৰুজু কৰে। গোচৰটো ভাৰতীয় ন্যায় সংহিতা, ২০২৩-ৰ ধাৰা ৩০৫(d)/৩৩১(২)-ৰ অধীনত পঞ্জীয়নভুক্ত কৰা হয়। গোচৰ ৰুজুৰ লগে লগেই ডিএছপি (সদৰ) বিদ্যুৎ কুমাৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে তদন্ত আৰম্ভ কৰে।তদন্তৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ সহায়ত অভিযান চলাই দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন অভিযুক্ত দুজন হৈছে আতীকুৰ ৰহমান লস্কৰ (১৬) পিতৃ আব্দুল গফুৰ লস্কৰ, নিবাসী শিবউত্তৰ, হাইলাকান্দি আৰু আনোৱাৰ হুছেইন মজুমদাৰ (২২), পিতৃ ইছলাম উদ্দিন মজুমদাৰ, নিবাসী উজানকুপা হাইলাকান্দি।
আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে পিতলৰ ধাতৱ প্লেট, প্ৰদীপ ষ্টেণ্ড, পিতলৰ পাত্ৰ, দুটা চিলিং ফেন আৰু বিভিন্ন বৈদ্যুতিক সঁজুলি। আৰক্ষীয়ে জনোৱা মতে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ মন্দিৰৰ পৰা চুৰি হোৱা সামগ্ৰীৰ সৈতে মিল পাইছে আৰু অধিকাংশ সামগ্ৰী ইতিমধ্যে চিনাক্ত কৰা হৈছে।আজি অনুষ্ঠিত এক সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) এছ. ডি. বৰুৱাই কয় যে ঘটনাটো পোহৰলৈ অহাৰ পিছতেই আৰক্ষীয়ে গুৰুত্ব সহকাৰে তদন্ত আৰম্ভ কৰে। গোপন সূত্ৰ আৰু প্ৰযুক্তিগত তথ্যৰ সহায়ত বিশেষ অভিযান চলোৱা হয়। অভিযানৰ ফলত অভিযুক্তদ্বয়ক আটক কৰাৰ লগতে চুৰি হোৱা অধিকাংশ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গৈছে। তদন্ত এতিয়াও অব্যাহত আছে আৰু ঘটনাটোৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি সেয়াও খতিয়ান কৰি চোৱা হৈছে।ইফালে আৰক্ষীৰ দ্ৰুত পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় বাসিন্দা আৰু মন্দিৰ পৰিচালনা সমিতিয়ে। স্থানীয় ৰাইজে কয় যে সাম্প্ৰতিক সময়ত অঞ্চলটোত চুৰিৰ ঘটনা বৃদ্ধি পোৱাৰ ফলত সাধাৰণ মানুহ আতংকিত হৈ পৰিছিল। এনে সময়ত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক আটক কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰাত জনসাধাৰণৰ আস্থা পুনৰ বৃদ্ধি পাইছে।
মন্দিৰ চুৰিৰ ঘটনাত আৰক্ষীৰ বৃহৎ সাফল্যদুই অভিযুক্ত আটকউদ্ধাৰ চুৰি হোৱা বহু মূল্যবান সামগ্ৰী আলগাপুৰ আৰক্ষীৰ তৎপৰতাত স্বস্তি উত্তৰ মোহনপুৰত, সংবাদমেলত জনালে অতিৰিক্ত আৰক্ষী অধীক্ষক
Lucknow
few clouds
39.1
°
C
39.1
°
39.1
°
24 %
2.1kmh
11 %
Sat
42
°
Sun
43
°
Mon
44
°
Tue
45
°
Wed
44
°

